ৰাইফলৰ পৰা মিছাইললৈ ‘আত্মনিৰ্ভৰ’, এতিয়াৰে পৰা ভাৰতে প্ৰস্তুত কৰিব এই ১০১ প্ৰাণনাশক অস্ত্ৰ

0
332

Assault ৰাইফল, আৰ্টিলেৰী বন্দুক, ৰডাৰ, পাতল যুঁজাৰু হেলিকপ্টাৰ।

এয়া সেই ৰক্ষা উপকৰণৰ তালিকা যিসমূহ ভাৰতে কেইবাটাও মাহ পূৰ্বলৈ অন্য দেশৰ পৰা আনিছিল।

কিন্তু ৰক্ষা ক্ষেত্ৰত আত্মনিৰ্ভৰশীল পথলৈ আন এক শক্তিশালী খোজ আগবঢ়াই ভাৰতে এনেধৰণৰ ১০১ ৰক্ষা সামগ্ৰী আমদানিত নিষেধাজ্ঞা প্ৰদান কৰিছে।

ইয়াৰ অৰ্থ এইটো নহয় যে আমাৰ সেনাই এই উপকৰণসমূহ নাপাব।

কাৰণ ভাৰতে এতিয়াৰে পৰা প্ৰয়োজনীয় সামগ্ৰী আৰু অস্ত্ৰ-শস্ত্ৰ নিজে প্ৰস্তুত কৰি উলিয়াব।

কেন্দ্ৰ চৰকাৰৰ দ্বাৰা ঘোষিত এই নিষেধাজ্ঞা পৰ্যায়ক্ৰমে ২০২৫লৈ বলবৎ হ’ব।

২০২০ৰ ডিচেম্বৰৰ পৰা ৬৯ উপকৰণসমূহৰ আমদানিত নিষেধাজ্ঞা

দেওবাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে টুইটাৰযোগে ইয়াৰ বিষয়ে জনায়।

উল্লেখ্য যে লকডাউনৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিল যে ২০২০ৰ ১২ মে’ত আত্মনিৰ্ভৰ ভাৰতৰ আহ্বান জনাইছিল।

প্ৰধানমন্ত্ৰীৰ এই আহ্বানৰ পিছতে হাতে-কামে লাগি DMA আৰু ৰক্ষা মন্ত্ৰালয়ে ১০১ বিধ সামগ্ৰীৰ তালিকা প্ৰস্তুত কৰিছে

আৰু ইয়াৰ আমদানিৰ ক্ষেত্ৰত নিষেধাজ্ঞা প্ৰদান কৰিছে।

১০১ বিধ উপকৰণ আৰু অস্ত্ৰ-শস্ত্ৰৰ তালিকাৰ ৬৯ বিধ উপকৰণত ২০২০ৰ ডিচেম্বৰ মাহৰ পৰা নিষেধাজ্ঞা প্ৰদান কৰা হ’ব।

ৰক্ষা মন্ত্ৰালয়ৰ এই সিদ্ধান্তৰ পিছতে ভাৰতে এতিয়াৰে পৰা আৰ্টিলেৰী বন্দুক,

ভূমিৰ পৰা বায়ুলৈ যাব পৰা সৰু মিছাইল, জাহাজৰ পৰা এৰিব পৰা ক্ৰুজ মিছাইল, Assault ৰাইফল,

পাতল যুঁজাৰু হেলিকপ্টাৰ, ৰডাৰ, ৱেলেষ্টিক হেলমেট, বুলেট প্ৰুফ জেকেট আৰু ট্ৰাঞ্চপোৰ্ট এয়াপক্ৰাফ্টৰ আমদানি নিষেধাজ্ঞা প্ৰদান।

নতুন ৰক্ষা নীতি আৰু আত্মনিৰ্বৰ ভাৰত অভিযানৰ আধাৰত এইসমূহ নিজৰ দেশত প্ৰস্তুত কৰা হ’ব।

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই সিদ্ধান্তৰ বিষয়ে জনাই ক’লে যে

আমদানিৰ ক্ষেত্ৰত নিষেধাজ্ঞা প্ৰদান কৰাৰ পূৰ্বে ইয়াৰ ওপৰত মন্থন কৰা হৈছে যে সেনাৰ Operational activity প্ৰভাৱিত নহওক

আৰু এই সামগ্ৰীসমূহ নিৰ্দাৰিত সময়সীমাৰ আধাৰত ভাৰতত প্ৰস্তুত হওক।

২০২১ৰ ডিচেম্বৰৰ পিছত ভাৰত Wheeled Armored Fighting Vehicle, লাইট মেছিন গান,

Assault ৰাইফল, মাইন এণ্টি টেংক, মাইন এণ্টি পাৰ্ছনেল ব্লাষ্ট,

গ্ৰেণেডৰ দৰে উচ্চ ক্ষমতাৰ প্ৰযুক্তিৰ আমদানিৰ ক্ষেত্ৰত নিষেধাজ্ঞা প্ৰদান কৰা হ’ব

আৰু ইয়াৰ দেশতে উত্পাদন আৰম্ভ কৰা হ’ব।

২০২২ৰ ডিচেম্বৰৰ পৰা ভাৰত আণ্ডাৰ বেৰল গ্ৰেণেড লঞ্চাৰ,

পাতল ৰকেট লঞ্চাৰৰ আমদানিত নিষেধাজ্ঞা প্ৰদান কৰা হৈছে।

২০২৩ৰ ডিচেম্বৰৰ পৰা Beyond Visual Range Air to Air মিছাইল,

Communication Satellite GSAT-7C, Basic trainer aircraftৰ আমদানিতো নিষেধাজ্ঞা প্ৰদান কৰা হ’ব।

২০২৪ৰ ডিচেম্বৰৰ পৰা ভাৰতে সৰু ইঞ্জিনৰ আমদানিৰ ক্ষেত্ৰত নিষেধাজ্ঞা প্ৰদান কৰিব।

২০২৫ৰ ডিচেম্বৰৰ পৰা ভাৰতে বহু দূৰত্বলৈ লেণ্ড এটেক ক্ৰুজ মিছাইল ক্ৰয় কৰাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা প্ৰদান কৰা হ’ব।

Photo Credit: Aaj Tak