ফুলৰ মালাৰে আদৰিবলৈ অহা লোকৰ হেচা-থেলাত মঞ্চতে পৰি গ’ল কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং, ভিডিঅ’ ভাইৰেল

0
3717
ফুলৰ মালাৰে আদৰিবলৈ অহা লোকৰ হেচা-থেলাত মঞ্চতে পৰি গ’ল কেন্দ্ৰীয় মন্ত্ৰী
ফটো সৌজন্য- ইণ্টাৰনেট

ফুলৰ মালাৰে আদৰিবলৈ অহা লোকৰ হেচা-থেলাত মঞ্চতে পৰি গ’ল কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং, ভিডিঅ’ ভাইৰেল

বৃহস্পতিবাৰে পঞ্জাৱৰ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰাৰ সময়ত এক অস্বত্তিকৰ পৰিবেশৰ মুখামুখি হ’বলগীয়াত পৰে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী তথা বিজেপি নেতা ৰাজনাথ সিং।

পঞ্জাৱৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিবলৈ যোৱা ৰাজনাথ সিঙক দলীয় কৰ্মকৰ্তাই ফুলৰ মালাৰে আদৰণি জনাবলৈ ধৰাৰ সময়তে মঞ্চত হোৱা হেচা-থেলাত মঞ্চতে থকা এখন চকীত বাগৰি পৰে ৰাজনাথ সিং।

মঞ্চত ভিৰ কৰা বিজেপিৰ কৰ্মকৰ্তাৰ হেচা-থেলাৰ বাবে ৰাজনাথ সিঙে নিয়ন্ত্ৰণ হেৰুৱাই মঞ্চত থকা চকীত পৰি যোৱাৰ ভিডিঅ’  সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে।

নিয়ন্ত্ৰণ হেৰুৱাই চকীত বহি পৰা ৰাজনাথ সিঙে ইয়াৰ পাছতে দলীয় কৰ্মকৰ্তা সকলক মঞ্চৰ পৰা ফুলৰ মালা আঁতৰাই নিবলৈ নিৰ্দেশ দি থকা ভিডিঅ’টোত দেখা যায়।

ইপিনে, পঞ্জাৱৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি ৰাজনাথ সিঙে শক্তিশালী আৰু বিকাশিত পঞ্জাৱৰ বাবে বিজেপিক পঞ্জাৱত ক্ষমতালৈ অনাটো অতি গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰে।

কংগ্ৰেছে পঞ্জাৱক বিভাজিত কৰিবলৈহে চেষ্টা কৰি আছে বুলিও ৰাজনাথ সিঙে সভাত মন্তব্য কৰি পঞ্জাৱৰ নিৰাপত্তা আৰু সুৰক্ষাক বিজেপিয়ে সদায় অগ্ৰাধিকাৰ প্ৰদান কৰি আহিছে বুলিও লগতে উল্লেখ কৰে।

আৰু পঢ়ক : বিজেপি ক্ষমতালৈ আহিলে কোনো কৃষকে বিদ্যুতৰ মাচুল পৰিষোধ কৰিব নালাগে : অমিত শ্বাহ