16 C
Guwahati
Friday, December 3, 2021
More

    ১১ বছৰীয়া প্ৰেমে পালে পূৰ্ণতা, ৰাজকুমাৰ ৰাওৰ সৈতে বিবাহ পাশত আৱদ্ধ পত্ৰলেখা প’ল

    ১১ বছৰীয়া প্ৰোম, ভালপোৱা, বন্ধুত্ব, সংগী হৈ থকাৰ শেষত সেই প্ৰেমক পূৰ্ণতা প্ৰদান কৰি বিবাহৰ পবিত্ৰ অগ্নিক সাক্ষী কৰি শিৰত সেন্দুৰৰ বোল সানি পত্ৰলেখা প’লক জীৱন যাত্ৰাৰ চিৰ সংগী কৰিলে ভাৰতীয় ছবিজগতৰ অন্যতম সফল থকা জনপ্ৰিয় অভিনেতা ৰাজকুমাৰ ৰাৱে।

    এক সূদীৰ্ঘ সময় বন্ধু তথা প্ৰেমৰ সম্পৰ্কৰে একেলগে বাস কৰাৰ পাছত দুয়ো পতি পত্নী হিচাপে জীৱন যাত্ৰা আৰম্ভ কৰিলে। বিবাহৰ দৰে পবিত্ৰ বান্ধোনৰ মেৰপাকত জীৱনৰ দ্বিতীয়টো ঢাপত উঠিল দুয়োগৰাকী অভিনেতা অভিনেত্ৰী।

    চণ্ডীগড়ৰ এক ৰিজৰ্টত বিবাহ পাশত আৱদ্ধ হয় দুয়ো। বিবাহ অনুষ্ঠানচ উপস্থিত থকে কেৱল দুয়োৰে পৰিয়ালৰ লোক আৰু কিছু ঘনিষ্ট বন্ধু মহল।

    ২০১০ চনৰ পৰা দুয়ো চিনাকি আছিল। দীৰ্ঘ সময়ৰ পৰা একেলগে বাস কৰিও আছিল। ২০১৪ চনত হংসল মেহতাৰ ‘চিটিলাইটছ’ৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিছিল। ছবিখনত তেওঁৰ স্বামী ৰাজকুমাৰ ৰাও আছিল।

    উল্লেখ্য যে, পত্ৰলেখা শ্বিংলঙত জন্মগ্ৰহন কৰা আৰু  অসম ভেলী বিদ্যালয়ত পঢ়া।

    আৰু পঢ়ক : এজন-দুজনকৈ পুনৰ ৰাজ্যত বৃদ্ধি পাবলৈ ধৰিছে নেকি কৰ’ণা! বিগত ২৪ ঘণ্টাত ২৫৩ আক্ৰান্ত

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং