মৃত্যুৱে মাতি নিছিল! কন্যাক পৰীক্ষা দিবলৈ লৈ গৈ মৃত্যুক সাৱটিলে ৬ লোকে, বাহন কাটি উদ্ধাৰ মৃতদেহ
মৃত্যুৱে যেন মাতি নিছিল পৰিয়ালটো। কন্যাৰ কনিষ্টবলৰ পৰীক্ষা দিয়াবৰ বাবে কন্যাক লৈ গৈছিল পৰিয়ালটোৱে। পাছে বাটতে এক ভয়ংকৰ দুৰ্ঘটনাৰ সন্মুখিন হয় পৰিয়ালটো।
কেৱল এটা পৰিয়ালৰ এখন বাহনেই দুখন বাহন দুৰ্ঘটনাত পতিত নহয় দুখন বাহন দুৰ্ঘটনাগ্ৰস্থ। ৰাজস্থানত আজি সংঘটিত হয় এই ভয়ংকৰ ঘটনা।
এখন অনিয়ন্ত্ৰিত ট্ৰাকৰ বাবেই এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হয়। যাৰ ফলত দুটাকৈ পৰিয়ালৰ পৰা ৬ জনকৈ লোকে প্ৰাণ হেৰুৱাই।
এটা পৰিয়ালে কন্যাক কনিষ্টবলৰ পৰীক্ষা দিবলৈ লৈ গৈছিল, আনহাতে এগৰাকী মাতৃয়ে দুটি কনমানি কন্যাৰ সৈতে ঘৰলৈ উভতি আহি আছিল।
সোনকালে ঘৰ পাবৰ বাবে বাটতে এখন বাহনৰ পৰা লিফ্ট লৈছিল। সেই লিফ্ট যেন মৃত্য়ুৰ দুৱাৰদলিলৈ যোৱাৰ হে লিফ্ট আছিল। দুৰ্ঘটনাৰ ফলত মাতৃৰ লগতে ৪ মহীয়া কনামানিয়ে প্ৰাণ হেৰুৱাই।
আনহাতে ৫ বছৰীয়া কনমানি গুৰুতৰভাৱে আহত হয়। বৰ্তমানে ৫ বছৰীয়া কনমানিয়ে জীৱন মৃত্যুৰে যুঁজ দিছে হাস্পতালত।
দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাক খনৰ চালকে দু্ৰ্ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰে। আৰক্ষীয়ে বৰ্তমানে সেই চালকৰ সন্ধানত নামি পৰিছে।
আৰু পঢ়ক :- ‘গাণ শুনিলেই মই ৰব নোৱোৰা হৈ যাও’ মঞ্চৰ ওপৰতে নৃত্যাংগনাৰ সৈতে একেলগে নাচিলে বিধায়কে