26.5 C
Guwahati
Saturday, May 21, 2022
More

    নৱম শ্ৰেণীত অধ্যয়নৰত কিশোৰীত বিদ্যালয়ৰ পৰা উঠাই নি ধৰ্ষণ কৰিলে ২ ছাত্ৰই…

    ৰাজস্থানৰ ডুংগৰপুৰৰ পৰা নৱম শ্ৰেণীত অধ্যয়নৰত এগৰাকী কিশোৰীৰ লগত দলবদ্ধ ধৰ্ষণৰ ঘটনা পোহৰলৈ আহিছে।

    অভিযোগ অনুসৰি দুজন ছাত্ৰই তেওঁক অপহৰণ কৰি নি দলবদ্ধ ধৰ্ষণকাণ্ড সংঘটিত কৰে। ঘটনাৰ পিছত কিশোৰী গৰাকীক হস্পাতালক ভৰ্তি কৰোৱা হয় আৰু এজাহাৰ দাখিল কৰে।

    আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰি দুজন অভিযুক্তক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। দুই অভিযুক্ত দ্বাদশ শ্ৰেণীৰ ছাত্ৰ।

    আৰক্ষীয়ে জনোৱা অনুসৰি নৱম শ্ৰেণীত অধ্যয়নৰত কিশোৰী গৰাকী ২৪ জানুৱাৰীত নিজৰ ভাতৃৰ লগত বিদ্যালয়লৈ গৈছিল। তাৰপিছত দুপৰীয়াৰ ভাগত ২ জন ছাত্ৰই বলপূৰ্বকভাৱে কিশোৰী গৰাকীক উঠাই নি ধৰ্ষণ কাণ্ড সংঘটিত কৰে। কিশোৰী গৰাকী আঘাতপ্ৰাপ্ত অৱস্থাতে ঘৰৰ সন্মুখত এৰি থৈ যায় অভিযুক্তই।

    আৰু পঢ়ক : দুটা দশকৰ পাছত কাশ্মীৰৰ লাল চ’কত উৰিল ৰাষ্ট্ৰীয় পতাকা, ১৯৯২ চনত বৰ্তমানৰ এইগৰাকী শক্তিশালী নেতাই কৰিছিল সেই কাম

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং