24.3 C
Guwahati
Friday, September 17, 2021
More

    পৰ্ণ নহয়, এৰোটিকা ছবি হে নিৰ্মাণ কৰে ৰাজ কুন্দ্ৰাই, তেওঁ সম্পূৰ্ণ নিৰ্দোষী- শিল্পা ছেট্টী

    অৱশেষত স্বামীৰ গ্ৰেপ্তাৰী সন্দৰ্ভত মুখ খুলিলে পত্নী শিল্পা ছেট্টীয়ে। কলে স্বামী সম্পূৰ্ণ নিৰ্দোষী। ৰাজ কুন্দ্ৰাক পৰ্ণ বনোৱাৰ মিছা অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছে। কুন্দ্ৰাই কোনোদিনে পৰ্ণ বনোৱা নাই। তেওঁ এৰোটিকা ছবিহে নিৰ্মাণ কৰে।

    ২৩ তাৰিখৰ পৰা ২৭ তাৰিখলৈ আৰক্ষী জিম্মাত থাকিব লগীয়া ৰাজ কুন্দ্ৰাৰ ঘৰত শুকুৰবাৰে মুম্বাই আৰক্ষীয়ে তালাচী চলায়। সেই সময়ত ৰাজ কুন্দ্ৰাকো আৰক্ষীয়ে লগত নিয়ে আৰু পত্নী শিল্পাৰ সমুখতে বহুৱাই লৈ দুয়োকে সোধপোচ কৰে।

    তেতিয়া শিল্পাই কয় যে, ৰাজৰ এই ব্যৱসায়ত তেওঁ কোনোদিনে অংশিদাৰ নাছিল। লগতে ইয়াকো কয় যে, ৰাজ কুন্দ্ৰাই কোনো দিনে পৰ্ণ ছবি বনোৱা নাই। তেওঁ এৰোটিকা ছবি হে বনাইছিল। এই ক্ষেত্ৰত শিল্পা জড়িত নহয়।

    আৰক্ষীৰ সমুখত স্বামীৰ হৈ শিল্পা ছেট্টীয়ে কয় যদিও সেই এপটোৰ সন্দৰ্ভত কোনো ক্ষেত্ৰতে জড়িত নহয় শিল্পা। কোনো ধৰণৰ কণ্টেণ্টৰ বিষয়েও নাজানে শিল্পায়ে।

    ইয়াৰ বিপৰীতে মুম্বাই আৰক্ষীয়ে কয় যে, ৰাজ কুন্দ্ৰাই পৰ্ণ চবিয়ো বনাইছিল। আৰু তাৰ ওপৰত সম্পূৰ্ন প্ৰমাণ আছে আৰক্ষীৰ হাতত। লগতে অধিক তথ্য জানিবৰ বাবে ৰাজ কুন্দ্ৰা ২৭ তাৰিখলৈ আৰক্ষীৰ জিম্মাতেই থাকিব বুলি জনায় মুম্বাই আৰক্ষীয়ে।

    আৰু পঢ়ক : পৰিভ্ৰমী চৰাই শামুক ভঙাৰ আশ্ৰয়স্থলীলৈ পৰিণত এই অঞ্চল

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং