30 C
Guwahati
Saturday, October 16, 2021
More

    পৰ্ণ ভিডিঅ’ নিৰ্মাণত মোক বলিৰ পঠা সজোৱা হৈছে, ৰাজ কুন্দ্ৰাৰ জামিন বিচাৰি আক্ষেপ

    পৰ্ণ ভিডিঅ’ নিৰ্মাণৰ অভিযোগত অভিযুক্ত বলিউদৰ অভিনেত্ৰী শিল্পী ছেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাই জামিন বিচাৰি আবেদন জনাইছে।

    জামিন বিচাৰি কৰা আবেদনত ৰাজ কুন্দ্ৰাই এই সমগ্ৰ ঘটনা সম্পৰ্কত তেওঁক বলিৰ পঠা সজোৱা হৈছে বুলি উল্লেখ কৰে।

    ৰাজ কুন্দ্ৰা আৰু তেওঁৰ সহযোগীৰ বিৰুদ্ধে মুম্বাই ক্ৰাইম ব্ৰাঞ্চে দাখিল কৰা ১৫০০ পৃষ্ঠাজোৰা অতিৰিক্ত চাৰ্জ শ্বিটত তেওঁৰ বিৰুদ্ধে অবৈধ বিষয়ত ভিডিঅ’ নিৰ্মাণ সম্বন্ধে কোনোধৰণৰ নিৰ্দিষ্ট প্ৰমাণ নাই বুলিও ৰাজ কুন্দ্ৰাই মত ব্যক্ত কৰে।

    অৱশ্যে মুম্বাই আৰক্ষীৰ তৰফৰ পৰা ব্যাৱসায়ী ৰাজ কুন্দ্ৰাক এই সমগ্ৰ ঘটনাৰ মূল হিচাপে কোৱা হৈছে।

    উল্লেখযোগ্য যে, ন্যায়ালয়ে ইয়াৰ পূৰ্বে ৰাজ কুন্দ্ৰাৰ অধিবক্তাই জামিন বিচাৰি কৰা আবেদন নাকচ কৰিছিল।

    ৰাজ কুন্দ্ৰাক মুম্বাই আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে পৰ্ণ ভিডিঅ’ নিৰ্মাণৰ গোচৰত আটক কৰাৰ পাছতে সমগ্ৰ বলিউদত ইয়াক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল।

    আৰু পঢ়ক : টাইম-৮ উত্তৰ প্ৰদেশৰ সম্পাদক ৰূপে দেশৰ জ্যেষ্ঠ সাংবাদিক অনুপ শ্ৰীবাস্তৱৰ দায়িত্ব গ্ৰহণ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং