28 C
Guwahati
Saturday, September 18, 2021
More

    ডেৰ বছৰ, ১০০ পৰ্ণ ছবি, কোটি কোটি টকা উপাৰ্জন, ৰাজ কুন্দ্ৰাই এটা চাইটত কৰিছিল আপলোড…

    ডেৰ বছৰ, ১০০ পৰ্ণ ছবি, কোটি কোটি টকা উপাৰ্জন, ৰাজ কুন্দ্ৰাই এটা চাইটত কৰিছিল আপলোড

    বলিউডৰ অভিনেত্ৰী ছিল্পা চেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাক পৰ্ণগ্ৰাফীৰ গোচৰত মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

    ৰাজ কুন্দ্ৰা গ্ৰেপ্তাৰ হোৱাৰ পিছতেই বহু নতুন তথ্য পোহৰলৈ আহিছে।জানিব পৰা মতে বিগত ডেৰ বছৰত ৰাজ কুন্দ্ৰাই ১০০ তকৈ অধিক পৰ্ণ ছবি নিৰ্মাণ কৰিছিল আৰু কোটি কোটি টকা উপাৰ্জন কৰিছিল।

    উল্লেখ্য যে, ৰাজ কুন্দ্ৰাৰ কাৰ্যালয়ৰ পৰা আৰক্ষীয়ে বহু তথ্য সংগ্ৰহ কৰে।বহু তথ্য ডিলিট কৰাও হৈছিল যিসমূহ ক্ৰাইম ব্ৰাঞ্চে ফৰেঞ্চিকৰ সহায়ত উদ্ধাৰ কৰিব।

    আৰক্ষী বিষয়াই জানিব দিয়া মচে আগষ্ট ২০১৯ ৰ পৰা ৰাজ কুন্দ্ৰা এই ব্যৱসায়ত জড়িত আছে।যি চাইটত পৰ্ণ সমূহ আপলোড কৰা হৈছিল তাত প্ৰায় ২০ লাখ চাবস্ক্ৰাইবাৰ আছিল আৰু যাৰ বাবে কোটি কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল।

    আৰক্ষীয়ে জানিবলৈ দিয়া মতে এতিয়ালৈকে ৰাজ কুন্দ্ৰাই অপৰাধ স্বীকাৰ কৰা নাই। তেওঁ এতিয়াও কৈয়ে আছে যে তেওঁ কোনো ধৰণৰ পৰ্ণ নিৰ্মাণ কৰা নাছিল। কিন্তু আৰক্ষীৰ ওচৰত ৰাজৰ বিৰুদ্ধে যথেষ্ট প্ৰমাণ আছে।

    আৰু পঢ়ক : জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ গুলিত নিহত ফৈয়াজসহ দুই সন্ত্ৰাসবাদী,

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং