29 C
Guwahati
Friday, September 17, 2021
More

    কোন এইগৰাকী সুন্দৰী যুৱতী, যিয়ে ৰাজ কুন্দ্ৰাৰ ওপৰত গুৰুতৰ অভিযোগ উত্থাপন কৰিছে..

    কোন এইগৰাকী সুন্দৰী যুৱতী, যিয়ে ৰাজ কুন্দ্ৰাৰ ওপৰত গুৰুতৰ অভিযোগ উত্থাপন কৰিছে..

    ১৯ জুলাই তাৰিখে অভিযোগ উত্থাপন, ২০ জুলাই তাৰিখে আটক, ২৩ জুলাইলৈ আৰক্ষী জিম্মা। অভিনেত্ৰী শিল্পা শেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাৰ নাম পৰ্ণ ছবিৰ সৈতে নাম সাঙোৰ খোৱাৰ পিছৰে পৰা তোলপাৰ লাগি আছে। কেইবাগৰাকী যুৱতীয়ে অভিযোগ আনিছে ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে।

    সেই অভিযোগৰ ভিত্তিতে আজি ২৩ জুলাই তাৰিখে কুন্দ্ৰাৰ বাসগৃহতো তালাচী চলাই আৰক্ষীয়ে। আনহাতে আটক হোৱা দিনৰে পৰা মৌন ব্ৰত পালন কৰা শিল্পাইয়ো প্ৰথমবাৰৰ বাবে মুখ মেলে । লগতে স্বামী কুন্দ্ৰাৰ আটকৰ বিৰুদ্ধে মাত মাতি ন্যায়ালয়ৰো দাৰস্থ হয়।

    পিছে কুন্দ্ৰাৰ বিৰুদ্ধে অভিযোগ অনা কোন এই পুনীত কৌৰ নামৰ সুন্দৰী যুৱতী । সেই সুন্দৰী হৈছে এগৰাকী জনপ্ৰিয় ইউটিউবাৰ। উত্তৰ কেলিফৰ্নিয়া নিবাসী চিকিৎসা বিজ্ঞানৰ ছাত্ৰী পুনীত এগৰাকী ভাৰতীয়-আমেৰিকান মেক আৰ্টিষ্টো হয়। যিয়ে ইউটিউবত সৌন্দৰ্যৰ ওপৰত ভিডিঅ কৰে।

    যাক কুন্দ্ৰাই হেনো অশ্লীল ছবিত কাম কৰাৰ বাবে মাতিছিল। পুনীতে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এই বিষয়ে সদৰি কৰিছে। পৰ্ণ ছবিত কাম কৰাৰ বিনিময়ত কোটি টকা অফাৰ কৰিছিল হেনো ৰাজ কুন্দ্ৰায়ে। ইনষ্টাগ্ৰামত কুন্দ্ৰাৰ সৈতে হোৱা কিছু কথাৰ স্ক্ৰীণ শ্বটো শ্বেয়াৰ কৰিছে পুনীতে।

    লগতে লিখিছে,’ এই মানুহজনে সচাকৈয়ে মানুহক ফচাই আছে। ভগৱানে কৰক এই মানুহজন কাৰগাৰতে থাকক। সচাকৈয়ে শাস্তি পাব লাগে এই মানুহ জনে’। সেয়ে প্ৰমাণ হিচাপে নিজৰ লগত হোৱা ঘটনাৰ ফটো শ্বেয়াৰ কৰিছে।

    উল্লেখ্য যে, কেৱল পুনীতেই নহয়, অন্য কেইবাগৰাকী যুৱতীয়েও ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে অভিযোগ আনিছে। মুম্বাই আৰক্ষীয়ে সেই সকলো অভিযোগৰ ওপৰতে তদন্ত অব্যাহত ৰাখিছে। ইতিমধ্যে কুন্দ্ৰা সহ ১১ জন লোকক ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ কৰিছে।

    আৰু পঢ়ক : দুদিনীয়া ভ্ৰমণ সূচী লৈ শনিবাৰে শ্বিলঙত উপস্থিত হ’ব গৃহমন্ত্ৰী অমিত শ্বাহ, সীমা বিবাদক লৈ হ’ব আলোচনা

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং