29 C
Guwahati
Monday, July 26, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    কপিল শৰ্মাইয়ো সুধিছিল, ‘কোনো কাম নকৰাকৈ কেনেকৈ কোটি কোটি টকা উপাৰ্জন’, ৰাজ কুন্দ্ৰাৰ হোৱাটছ এপৰ বাৰ্তাৰো খোলোচা

    কপিল শৰ্মাইয়ো সুধিছিল, ‘কোনো কাম নকৰাকৈ কেনেকৈ কোটি কোটি টকা উপাৰ্জন’, ৰাজ কুন্দ্ৰাৰ হোৱাটছ এপৰ বাৰ্তাৰো খোলোচা

    ‘পৰ্ণ’- এটা মাত্ৰ শব্দ, কিন্তু ইয়াৰ পিছৰ কাহিনী বহুত দীঘল। এই পৰ্ণ শব্দৰ সৈতে ভালকৈয়ে নাম সাঙোৰ খাইছে ৰাজ কুন্দ্ৰা। ২৩ জুলাই তাৰিখলৈ আৰক্ষীৰ জিম্মাতে থাকিব লাগিব ৰাজ কুন্দ্ৰা। প্ৰতিষ্ঠিত ব্যৱসায়ী বুলি নাম থকা সেই ৰাজ কুন্দ্ৰাৰ নাম সাঙোৰ খাইছে পৰ্ণ ছবিৰ সৈতে।

    বলীউজ অভিনেত্ৰী শিল্পা শেট্টীৰ স্বামীক এবাৰ কমেডীয়ান কপিল শৰ্মায়ো নিজৰ অনুষ্ঠানলৈ আহোতে শুধিছিল,ব্যৱসায়ী বুলি নাম আছে যদিও কোনো কাম নকৰাকৈ কেনেকৈ কোটি কোটি টকা উপাৰ্জন। যাৰ উত্তৰত সকোলোৱে হাঁহি উৰুৱাই দিছিল সেই কথা।

    তাৰেই উত্তৰত ৰাজ কুন্দ্ৰাই কৈছিল ২০-২০ ঘণ্টা ধৰি অফিছতে কাম কৰিব থাকিব লগীয়া হয়। কেতিয়াবা কেৱল গা ধোৱাৰ বাবেহে ঘৰলৈ আহে। পিছে এতিয়া যেন সকলো ওলাই পৰিছে , কি কি ব্যৱসায় কৰে ব্যৱসায়ী ৰাজ কুন্দ্ৰাই।

    পৰ্ণ ছবি নিৰ্মাণ আৰু বহু পৰ্ণ ছাইটত সেই ছবি আপলোড কৰাৰ অপৰাধত শিল্পা শেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাক আটক কৰে আৰক্ষীয়ে। লগতে কুন্দ্ৰাৰ কাৰ্যালয়তো চালাচী চলায়।

    সেই তালাচীতেই ৰাজ কুন্দ্ৰাৰ কাৰ্যালয়ৰ পৰা এক চাৰ্ভাৰ জব্দ কৰিছে আৰক্ষীয়ে। যি চাৰ্ভাৰৰ পৰা হয়তো পৰ্ণ ছবি বোৰ চাইট সমূহত আপলোড কৰে বুলি সন্দেহ আৰক্ষীৰ। আনহাতে কুন্দ্ৰাৰ মোবাইল ফোনো জব্দ কৰিছে আৰক্ষীয়ে।

    ফৰেনচিক লেবত পঠিয়াই পৰীক্ষা কৰোতে ধৰা পৰিছে যে, এক ‘এইচ’ (H) নামৰ ৱাটছএপ গ্ৰুপ আছে যি,গ্ৰুপত অন্য চাৰিজনো সদস্য আছে। সেই গ্ৰুপতেই মডেলক টকা দিয়া নিদিয়া, প্ৰজেক্ট আদি সন্দৰ্ভত আলোচনা হয়।

    আনহাতে স্বামীৰ এই কাৰ্যত পত্নী শিল্পায়ো যে,ন কিছু লজ্জিত। অভিনেত্ৰীগৰাকীৰ ফালৰ পৰা কতো কোনো ধৰণৰ মন্তব্য নাহিলেও ইয়াৰ পৰা এইটো প্ৰমাণিত যে, সৰু ল’ৰা ছোৱালীৰ নৃত্যৰ অনুষ্ঠান ‘চুপাৰ ডেঞ্চাৰ চিজন৪’ ৰ দৃশ্যগ্ৰহণৰ পৰা আধাতে এৰি গুচি যায়। আৰু সেই ঠাইত বৰ্তমানে কৰিশ্মা কাপুৰক দেখা পোৱা যাব।

    আৰু পঢ়ক : বহিঃৰাজ্যত বিক্ৰী যোৱা অসমৰ ৯ গৰাকী যুৱতী অৱশেষত সুকলমে উপস্থিত নিজগৃহত, দুই দেহ ব্যৱসায়ী অভিযুক্তকো আটক

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং