28 C
Guwahati
Wednesday, October 13, 2021
More

    অশ্লীল ছবি নিৰ্মাণ কৰি কোটি টকা উপাৰ্জন কৰা ৰাজ কুন্দ্ৰাক অৱশেষত ৫০ হাজাৰ টকাৰ বণ্ডত জামিন প্ৰদান

    দেশ তোলপাৰ লগোৱা এটা গোচৰ। অশ্লীল ছবি নিৰ্মাণৰ গোচৰত আৰক্ষীৰ জিম্মাত থকা শিল্পা ছেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাক অৱশেষত জামিন প্ৰদান। দুচা মাহৰ অন্তত কাৰাগাৰৰ পৰা বাহিৰ ৰাজ কুন্দ্ৰা।

    যি ৰাজ কুন্দ্ৰাই অশ্লীল ছবি নিৰ্মাণ কৰি কোটি কোটি টকা উপাৰ্জন কৰাৰ গোচৰ, তাৰ বিপৰীতে সেই ৰাজ কুন্দ্ৰাত ৫০ হাজাৰ টকাৰ বিনিময়ত আজি ২০ ছেপ্টেম্বৰ তাৰিখে জামি প্ৰদান কৰা হয়।

    বিগত ১৯ জুলাই তাৰিখে অশ্লীল ছবি নিৰ্মাণৰ অপৰাধত মুম্বাই ক্ৰাইম ব্ৰাঞ্চে সোধপোচৰ বাবে নি আৰক্ষীৰ জিম্মাতে ৰাখিছিল। ৰাজ কুন্দ্ৰাৰ ওপৰত অশ্লীল কণ্টেণ্ট বনোৱা আৰু অটিটি প্লেটফৰ্মত সেইবোৰ মুকলি কৰাৰ গোচৰ আছে।

    ৰাজ কুন্দ্ৰাৰ ওপৰিও অন্য কেইবাজনো লোককো মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। ১৫ ছেপ্টেম্বৰ তাৰিখ বুধবাৰে মুম্বাই ক্ৰাইম ব্ৰাঞ্চে ৰাজ কুন্দ্ৰাৰ ওপৰত ১৪০০ পৃষ্টাৰ এক চাৰ্জশ্বিটো দাখিল কৰিছিল।

    পিছে ৰাজ কুন্দ্ৰাৰ অধিবক্তাই জনোৱা অনুসৰি সেই ১৪০০ পৃষ্টাৰ চাৰ্জশ্বিটত ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে কোনো ধৰণৰ গোচৰ প্ৰমাণ হোৱা নাই। যাৰ বাবেই জামিনৰ আৱেদন মঞ্জুৰি প্ৰদান কৰে ন্যয়ালয়ে।

    আৰু পঢ়ক : পত্নী ব্যস্ত আছিল ফেচবুকত, অন্য পুৰুষৰ লগত কথা পাতি থকাৰ সন্দেহত স্বামীয়ে কৰিলে ভয়ংকৰ কাণ্ড…

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং