26.8 C
Guwahati
Tuesday, July 27, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    পৰ্ণ নিৰ্মাণ আৰু ‌‌প্ৰকাশৰ অভিযোগত গ্ৰেপ্তাৰ বলিউডৰ অভিনেত্ৰী ছিল্পা চেট্টীৰ স্বামী ৰাজ কুন্দ্ৰা

    সোমবাৰে নিশা মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে‌ বলিউডৰ অভিনেত্ৰী ছিল্পা চেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাক। পৰ্ণ নিৰ্মাণ আৰু ‌‌মোবাইল এপ্লিকেচনৰ‌ দ্বাৰা প্ৰকাশ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হয় ৰাজ কুন্দ্ৰা।

    উল্লেখ্য যে ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত পৰ্ণগ্ৰাফী নিৰ্মাণ আৰু ‌‌প্ৰকাশৰ অভিযোগত এক‌ গোচৰ উত্থাপন হৈছিল আৰু এই গোচৰৰ ভিত্তিতেই গ্ৰেপ্তাৰ হয় ৰাজকুন্দ্ৰা।

    আদালতত ৰাজ‌ কুন্দ্ৰা দোষী সাব্যস্ত হ’লে কেইবাবছৰো কাৰাবাস খাটিব লগীয়া হ’ব পাৰে। ভাৰতীয় আইন অনুসৰি পৰ্ণগ্ৰাফী নিৰ্মাণ আৰু প্ৰচাৰ কৰাত‌ দোষী সাব্যস্ত হ’লে তেওঁক ‌‌‌কঠোৰতম শাস্তি‌ প্ৰদান কৰা হয়।

    উল্লেখ্য যে আনৰ অশ্লীল ভিডিঅ’ বনোৱা, কাৰোবাৰ অনুমতি অবিহনে অশ্লীল মেচেজ প্ৰেৰণ কৰা, অশ্লীল ভিডিঅ’প্ৰকাশ কৰা আদিৰ বিৰুদ্ধে ভাৰতত আইন আছে যাৰ অধীনত শাস্তি প্ৰদান কৰা হয়।

    আৰু পঢ়ক : অপৰাধ মুক্ত হ’ব ৰাজ্য! এইবাৰ ৩ কুখ্যাত ডকাইত আৰক্ষীৰ জালত…

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং