33 C
Guwahati
Monday, September 26, 2022
More

    আজৱ ঘটনা! হঠাতে এখন গাঁৱত পৰিল জুইৰ বৰষুণ, নিমিষতে জ্বলি ছাই হ’ল সকলো

    আজৱ ঘটনা! হঠাতে এখন গাঁৱত পৰিল জুইৰ বৰষুণ, নিমিষতে জ্বলি ছাই হ’ল সকলো

    বৰষুণ সকলোৱে দেখিছে, বৰষুণক সকলোৱে চিনি পাই। কিন্তু কেতিয়াবা জুইৰ বৰষুণ দেখিছেনে? যুদ্ধৰ সৈতে যুজি থকা এখন গাঁৱত তেনে এক আজৱ ঘটনাই সংঘটিত হৈছে।

    সামাজিক মাধ্যমত এটা ভিডিঅ’ ভাইৰেল হৈছে। ভিডিঅ’টোত জুইৰ বৰষুণ হোৱা দেখা পোৱা গৈছে । গাঁওখনৰ চাৰিওফালে ওপৰৰ পৰা জুইৰ টোপালবোৰ পৰি আছিলে।

    ঘৰ, দোকান, ৰাস্তা সকলো ঠাইতে আকাশৰ পৰা জুইৰ বৰষুণ পৰিছিল। জানিব পৰা মতে এই ভিডিঅ’টো ইউক্ৰেনৰ এখন গাঁৱত সংঘটিত হৈছে।

    জুই বৰষুণৰ এই ভিডিঅ’টো ইউক্ৰেনৰ সাংসদ ৰোমান হৃষচুকে তেওঁৰ টুইটাৰ একাউণ্টত শ্বেয়াৰ কৰিছে।

    তেওঁ অভিযোগ কৰি কৈছে যে ৰাছিয়াৰ সেনাই তেওঁলোকৰ ৯এম২২চি অস্ত্ৰ ব্যৱহাৰ কৰি ডনেটস্ক প্ৰদেশৰ ওজাৰ্নেৰ এখন গাঁৱত জুই লগাই গাঁও খন ধ্বংস কৰিব বিচাৰিছে।

    ৯এম২২চি হৈছে এনে এটা অস্ত্ৰ যাৰ দ্বাৰা জুইৰ বৰষুণ দিয়াব পাৰি। এই জুইৰ ফলত গাঁও খনৰ প্ৰতিটো অঞ্চল, প্ৰতিটো ঘৰ আগুৰি ধৰা দেখিব পৰা গৈছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং