24 C
Guwahati
Saturday, September 18, 2021
More

    বোকাজানত হাহাকাৰ, ষ্টেচন আহি পোৱাৰ পূৰ্বেই চেইন টানি পলায়নৰ চেষ্টা বিহাৰৰ পৰা অহা ৰে’লযাত্ৰীৰ

    বোকাজানত হাহাকাৰ, ষ্টেচন আহি পোৱাৰ পূৰ্বেই চেইন টানি পলায়নৰ চেষ্টা বিহাৰৰ পৰা অহা ৰে’লযাত্ৰীৰ। খবৰ পোৱা মাত্ৰেই হাহাকাৰ লাগি যায় ৰেল কৰ্তৃপক্ষৰ মাজত।

    বহিঃ ৰাজ্যৰ পৰা ৰাজিন্দৰ নগৰ এক্সপ্ৰেছত তিনিচুকীয়া অভিমুখে আহি ছিল যাত্ৰীসমূহ। পিছে বোকাজান ৰেলৱে ষ্টেচন পোৱাৰ পূৰ্বেই ৰেলখনৰ পৰা বহু যাত্ৰী পলায়ন কৰে। যদিও তাৰে ভিতৰত ১৭ জন ৰেল যাত্ৰীক কৰায়ত্ত কৰে স্থানীয় ৰাইজে।

    উল্লেখ্য যে, পলায়ন কৰা যাত্ৰী সকলৰ ভিতৰত ৬ জন চি আৰ পি এফৰ যোৱান বুলি জানিব পৰা গৈছে। কৰণাৰ বাবে ডিমাপুৰত ৰেল ৰখাৰ অনুমতি প্ৰদান কৰা নাই।

    যাৰ বাবেই ট্ৰেইনৰ চেইন টানি পলাবলৈ চেষ্টা কৰে বহু যাত্ৰীয়ে। ইতিমধ্যে বোকাজান আৰক্ষী আৰু ৰেলৱে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।

    Input- Suraj Gogoi

    আৰু পঢ়ক : বাতিল কৰিব লাগে পৰীক্ষা… ৰাজ্যৰ চাৰিওফালে উঠিছে দাবী

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং