৪ মে’ৰ পৰা ৰে’ল আৰু বিমান যাত্ৰা আৰম্ভ হোৱাৰ সম্ভাৱনা ক্ষীণ

0
58
ক’ভিডৰ পাছত পুনৰ ৰে’ল যাত্ৰীৰ বাবে প্ৰয়োজনীয় এই বিশেষ সেৱা আৰম্ভ

সমগ্ৰ দেশতে বৰ্তমানে দ্বিতীয় পৰ্যায়ৰ লকডাউন চলি আছে। যাৰ বাবে অন্য ৰাজ্যত আৱদ্ধ বা দেশৰ অন্য সকলো ৰাইজৰো মাজত এটা উৎকণ্ঠাই বিৰাজ কৰিছে। যে ৰে’ল আৰু বিমান যাত্ৰা দেশত কেতিয়াৰ পৰা আৰম্ভ হ’ব? কিন্তু ইয়াৰ মাজতে এক জাননী জৰিয়তে যাত্ৰী সকলক কোৱা হৈছে যে ৩ মে’ পিছত যাতে কোনো টিকট বুকিং নকৰে।

কিয়নো বুকিং কৰা সকলো টিকট বাতিল হোৱাৰ সম্ভাৱনা অধিক। আনহাতে ইতিমধ্যে বুকিং হোৱা টিকট সমূহো লকডাউনৰ বাবে ৩ মে’ লৈ বাতিল কৰা হৈছে। সেইবাবে বাতিল হোৱা সকলো টিকটৰে পইচা যাত্ৰী সকলে যথা সম্ভৱ অনতি পলমে ঘূৰাই পাব। কিন্তু ইয়াৰ বাবে কাউণ্টাৰত ভীৰ কৰিবলৈ মানা কৰিছে।

Photo Credit: Railway technology and Spicejet.com