25 C
Guwahati
Wednesday, October 20, 2021
More

    ৰাইজৰ দলৰ ঘোষণা : উপ-নিৰ্বাচনত থাওৰা সমষ্টিৰ প্ৰাৰ্থী হ’ব ধৈয্য কোঁৱৰ

    ৰাইজৰ দলৰ ঘোষণা : উপ-নিৰ্বাচনত থাওৰা সমষ্টিৰ প্ৰাৰ্থী হ’ব ধৈয্য কোঁৱৰ

    থাওৰা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক ধৈয্য কোঁৱৰে ৰাইজৰ দলৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।

    এই পৰ্যন্ত নিৰ্বাচনৰ দিন ঘোষণা হোৱা নাই যদিও অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলে ধৈয্য কোঁৱৰৰ নামটো ঘোষণা কৰে।

    ‘১০৭ নং থাওৰা বিধানসভা আসনৰ বাবে মই ধৈয্য কোঁৱৰক ৰাইজৰ দলৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছো’, ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে কয়।

    উল্লেখ্য যে বিধানসভা নিৰ্বাচনৰ পিছতে কংগ্ৰেছ বিধায়ক সুশান্ত বৰগোঁহাইয়ে দল ত্যাগ কৰি বিজেপিত যোগ দিছিল। তেওঁ আনুষ্ঠানিকভাৱে বিজেপিত যোগ দিছিল ১ আগষ্টত।

    অসমত বৰ্তমান বিধানসভাৰ ৬ খন আসন খালী হৈ আছে। থাওৰাৰ লগতে গোসাইগাঁও, তামুলপুৰ, ভৱানীপুৰ, মৰিয়নী আৰু মাজুলীতো উপ নিৰ্বাচন হ’ব।   

    আৰু পঢ়ক : অঘটন! হঠাতে ভাঙি পৰিল আদালতৰ চিলিং, আহত সকলক ততাতৈয়াকৈ হাস্পতাল প্ৰেৰণ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং