ক্ৰিকেটৰ পৰা অৱসৰ ভাৰতীয় লেগ স্পীনাৰ ৰাহুল শৰ্মাৰ

0
5112

ভাৰতীয় দলৰ লেগ স্পীনাৰ ৰাহুল শৰ্মাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ লগতে সকলো ধৰণ ঘৰুৱা ক্ৰিকেটৰ পৰাও অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছে।

আই পি এলত নিজৰ প্ৰতিভা দাঙি ধৰা ক্ৰিকেটাৰগৰাকীৰ কেৰিয়াৰ দীঘলীয়া নোহোৱাৰ কাৰণ আছিল ৰেভ পাৰ্টী, আঘাত আৰু দুৰ্বল ফৰ্ম।

পঞ্জাৱৰ জলন্ধৰত জন্মগ্ৰহণ কৰা ৰাহুল শৰ্মাই চলিত বৰ্ষৰ ৩০ নৱেম্বৰত ৩৬ বছৰত ভৰি দিব।

ক্ৰিকেটাৰগৰাকীয়ে টুইটাৰত এক আৱেগিক প’ষ্ট শ্বেয়াৰ কৰি সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে।

উল্লেখ্য যে ৰাহুলে বিশ্ব পথ সুৰক্ষা শৃংখলাৰ দ্বিতীয় ছিজনত অংশ লোৱাৰ উদ্দেশ্যে ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছে বুলি অনুমান কৰা হৈছে।

উল্লেখ্য যে ২০১১ বৰ্ষৰ আই পি এলত সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছিল। পুনে ৱাৰিয়ৰ্ছৰ হৈ খেলি তেওঁ ১৪ খন মেচত ১৬ টা উইকেট দখল কৰিছিল। আৰু এই প্ৰদৰ্শনৰ ভিত্তিতে তেওঁ সেই বছৰতে ভাৰতীয় দলত খেলাৰ সুযোগ লাভ কৰিছিল।

২০১১ বৰ্ষৰ ৮ ডিচেম্বৰত ভাৰতীয় দলত অভিষেক ঘটা ৰাহুল শৰ্মাই ৪খন এদিনীয়া আৰু দুখন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছিল। ৰাহুলে এদিনীয়াত ৬টা আৰু টি-২০ত ৩টা উইকেট লাভ কৰিছিল।

আই পি এলত ৰাহুলে পুনেৰ উপৰি ডেক্কান চাৰ্জাৰ্ছ আৰু দিল্লী ডেয়াৰডেভিল্ছৰ হৈও খেলিছিল। আই পি এল কেৰিয়াৰত ৪৪ খন মেচ খেলি লাভ কৰিছিল ৪০টা উইকেট।