কংগ্ৰেছ নেতা ৰাহুল গান্ধীক শ্ৰীনগৰ এয়াৰপৰ্টত আৱদ্ধ কৰি ৰখা হৈছে। বিমানবন্দৰৰ পৰা ওলাই অহাত বাধা প্ৰধান ৰাহুল গান্ধীক। ৰাহুল গান্ধীসহ আটাইকেইজন নেতাকে বিমানবন্দৰতে আৱদ্ধ কৰি ৰাখে।
৮টা দলৰ ১১গৰাকী নেতাসহ শ্ৰীনগৰলৈ ৰাওনা হৈছিল ৰাহুল গান্ধী। বিমানখনত আছিল ৰাহুল গান্ধী, গুলাম নবী আজাদ, আনন্দ শৰ্মা, শাৰদ যাদৱ, মাজিদ মেমন, মনোজ ঝা আৰু ডি ৰাজা। জম্মু-কাশ্মীৰৰ ৰাজ্যপালে মাতি পঠিয়াইছিল দলটোক।
এয়াৰপৰ্টত হূলস্থুল পৰিৱেশৰ সৃষ্টি। কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ ৰাহুল গান্ধীৰ নেতৃত্বত বিৰোধী দলৰ এটা প্ৰতিনিধি মণ্ডল শ্ৰীনগৰত উপস্থিত হৈছিল। বিমানবন্দৰত সংবাদকৰ্মীকো দুৰ্ব্যৱহাৰ কৰে। মিডিয়াই বিৰোধী নেতাসকলৰ সৈতে কথা পাতিব বিচাৰোতে আৰক্ষীয়ে তেওঁলোকৰ সৈতে কৰিলে অভব্য আচৰণ।
Guwahati | Edited by: Dulu Medhi