প্ৰিয় নেতাজনক লগ পাই আনন্দত কান্দি দিলে অনুৰাগী ছাত্ৰীয়েঃ চকু সেমেকি উঠিল ৰাহুল গান্ধীৰ

0
162
প্ৰিয় নেতাজনক লগ পাই আনন্দত কান্দি দিলে কণমানি অনুৰাগীয়েঃ চকু সেমেকি উঠিল ৰাহুল গান্ধীৰ

প্ৰিয় নেতাজনক লগ পাই আনন্দত কান্দি দিলে কণমানি অনুৰাগীয়েঃ চকু সেমেকি উঠিল ৰাহুল গান্ধীৰ

নিৰ্বাচনী প্ৰচাৰত ব্যস্ত ৰাহুল গান্ধী। প্ৰতিদিনে ইঠাই পৰা সিঠাইলৈ দলৰ প্ৰচাৰৰ বাবে কৃষকৰ পৰা ছাত্ৰ-ছাত্ৰীৰ লগত মত বিনিময় কৰিছে গান্ধীয়ে।

ইয়াৰ মাজতে ৰাহুল গান্ধীৰ এটা ভিডিঅ’ ভাইৰেল হয়। ভিডিঅ’টোত এগৰাকী কণমানি ছাত্ৰীয়ে অট’গ্ৰাফ লবলৈ আহি ৰাহুল গান্ধীক ধৰি আবেগিক হৈ গৈছিল।

পুড্ডুচেৰীত ৰাহুল গান্ধীয়ে ছাত্ৰ-ছাত্ৰীৰ লগত মত বিনিময় অনুষ্ঠান কৰিছিল। মত বিনিময় অনুষ্ঠানতে ৰাহুল গান্ধীৰ অট’গ্ৰাফ বিচাৰি আহিছিল এগৰাকী ছাত্ৰীয়ে। তেতিয়া ৰাহুল গান্ধীয়ে অট’গ্ৰাফ দি হেণ্ডশ্য়েক কৰোতেই ছাত্ৰীগৰাকী আবেগিক হৈ পৰে।

ৰাহুল গান্ধীয়ে ছাত্ৰীগৰাকীৰ লগত ফটোও ক্লিক কৰিছিল। কংগ্ৰেছী সমৰ্থকসকলে ৰাহুল গান্ধীৰ এই ভিডিঅ’ক সলাগ লৈছে।

আৰু পঢ়ক : কাজিৰঙাত মনোৰম দৃশ্যঃ পানবাৰী সংৰক্ষিত বনাঞ্চলত ক্ৰীড়াৰ অনুশীলনত দুস্প্ৰাপ্য হলৌ বান্দৰ!