বুলেট চলাই ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণ ৰাহুল গান্ধীৰ

0
55

বুলেট চলাই ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণ ৰাহুল গান্ধীৰ

দেওবাৰৰ যাত্ৰাৰ সময়তে ৰাহুল গান্ধীয়ে হঠাৎ এজন লোকে বুলেট এখনেৰে আহি থকা দেখা পায়ে ওচৰলে মাতি আনি বুলেটখন চলাবলৈ লয়৷ এই দৃশ্যই আপ্লুত কৰিলে উপস্থিত থকা সকলো লোকক৷ ইয়াৰ লগতে ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাত এজন বিশেষভাৱে সক্ষম ব্যক্তিয়েও অংশগ্ৰহণ কৰা দেখা গ’ল।

উল্লেখযোগ্য যে, এজন লোকে এখন বুলেটেৰে কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ যাত্ৰা কৰি আছিল আৰু তেওঁৰ লগত আছিল এটা কুকুৰ৷ উক্ত বুলেটখন চলাই ৰাহুল গান্ধীয়ে কিছু সময়ৰ বাবে আজিৰ ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণ কৰা দেখা গ’ল৷ ইয়াৰ উপৰিও আজি ৰাহুল গান্ধীয়ে হুইল চেয়াৰৰ সহায়ত গৈ থকা এজন বিশেষভাৱে সক্ষম ব্যক্তিৰ লগতো মত বিনিময় কৰা দেখা গ’ল৷

মধ্য প্ৰদেশৰ ভাৰত জোড়ো যাত্ৰাৰ সন্দৰ্ভত ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কমল নাথে কয়, “ভাৰত জোড়ো যাত্ৰাত বৰৱা আৰু মহৌৰ সন্মানীয় নাগৰিকসকলে যি উৎসাহ দেখুৱাইছে তাৰ বাবে অশেষ ধন্যবাদ ।

ঘৃণাৰ বিৰুদ্ধে আৰু ভাতৃত্ববোধৰ সপক্ষে আপোনালোকৰ এই একতাই গণতন্ত্ৰক নতুন শক্তি দিব’’। লগতে সকলোলৈকে কৃতজ্ঞতা জ্ঞাপন কৰে কমল নাথে ।