ৰাহুল গান্ধীক ছাদ্দাম হুছেইনৰ লগত তুলনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ; কিন্তু কিয়?

0
152
প্ৰতিনিধিত্বমূলক চিত্ৰ

ভাৰত জোড়ো যাত্ৰাৰ জৰিয়তে কংগ্ৰেছক পুনৰ শক্তিশালী কৰাৰ বাবে দেশজুৰি পদযাত্ৰাত ব্যস্ত থকা ৰাহুল গান্ধীক ছাদ্দাম হুছেইনৰ লগত তুলনা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

গুজৰাট বিধানসভা নিৰ্বাচনৰ বাবে আহমেদাবাদত অনুষ্ঠিত এখন জনসভাত বিজেপি প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাবলৈ গৈ মুখ্যমন্ত্ৰী শৰ্মাই মঙলবাৰে পুনৰ এবাৰ সমালোচনাৰে থকা সৰকা কৰে ৰাহুল গান্ধীক।

শৰ্মাই কয়, ‘ৰাহুল গান্ধী এতিয়া দেখিবলৈ ছাদ্দাম হুছেইনৰ দৰে হৈছে’।

ৰাহুল গান্ধীক সমালোচনা কৰি হিমন্ত বিশ্ব শৰ্মাই কয় যে গান্ধীৰ বংশৰ প্ৰতিচ্ছবি ইৰাকৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ছাদ্দাম হুছেইনৰ দৰে নহয়, মহাত্মা গান্ধী বা চৰ্দাৰ পেটেলৰ দৰে হ’ব লাগে।

হিমন্তই কয়, ‘এতিয়া মই দেখিছো যে তেওঁৰ (ৰাহুল গান্ধীৰ) মুখখনো সলনি হৈছে। দেখিবলৈ তেওঁক এতিয়া ইৰাকৰ ছাদ্দাম হুছেইনৰ দৰে হৈছে। মুখ সলনি কৰাটো বেয়া কথা নহয়। যদি আপুনি আপোনাৰ মুখখন সলনি কৰিব বিচাৰে তেন্তে বল্লভ ভাই পেটেল, জৱাহৰলাল নেহৰু বা গান্ধীজীৰ দৰে কৰক, কিন্তু আপোনাৰ মুখখন কিয় ছাদ্দাম হুছেইনৰ দৰে হৈ পৰিছে?’

উল্লেখ্য যে গুজৰাট বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি আহিছে যদিও ৰাজ্যখনলৈ এইপৰ্যন্ত ৰাহুল গান্ধীয়ে নিজ দলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাবলৈ যোৱা নাই আৰু এই বিষয়টোক লৈও মুখ্যমন্ত্ৰী শৰ্মাই কংগ্ৰেছ নেতাগৰাকীক সমালোচনা কৰিছিল।

দুটা পৰ্যায়ত হ’ব গুজৰাট বিধানসভা নিৰ্বাচন। ১ ডিচেম্বৰত প্ৰথম পৰ্যায় আৰু ৫ ডিচেম্বৰত দ্বিতীয় পৰ্যায়ৰ ভোটদান আৰু ৮ ডিচেম্বৰত ঘোষণা কৰা হ’ব ফলাফল।