30 C
Guwahati
Friday, September 17, 2021
More

    অসমৰ্থ নেতা ৰাহুল গান্ধী! ৰাহুল গান্ধীৰ বাবেই নোহোৱা হৈ যাব নেকি কংগ্ৰেছ দল…

    অসমৰ্থ নেতা ৰাহুল গান্ধী! ৰাহুল গান্ধীৰ বাবেই নোহোৱা হৈ যাব নেকি কংগ্ৰেছ দল…

    যেতিয়াৰে পৰা ৰাহুল গান্ধীয়ে কংগ্ৰেছৰ বাঘজৰি নিজৰ হাতলৈ নিছে তেতিয়াৰে পৰা যেন, কংগ্ৰেছ দল লাহে লাহে কিছু দুৰ্ৱল হৈ পৰিছে। জ্যেষ্ঠ নেতাক এৰি এখন অপৈন হাতত দেশৰ সকলোতকৈ পুৰণি দলটোৰ দায়িত্ব দিয়াত জ্যেষ্ঠ নেতা সকলেও কিছু পিছুৱাই আহিছে।

    দেশৰ লগতে আজি অসমতো দেখিবলৈ পোৱা গ’ল তাৰেই এক প্ৰতিচ্ছবি। কোনেও যেন নিবিচাৰে এক অপৈনত হাতৰ অধীনত ৰাজনীতি কৰিব। যাৰ বাবে এতিয়া অন্য দল হৈ পৰিছে কংগ্ৰেছীৰ নতুন স্থান। এজন এজন কৈ কংগ্ৰেছৰ প্ৰাক্তন নেতাই এৰিব ধৰিছে কংগ্ৰেছৰ হাত।

    অসমৰ বিৰোধীৰ আসনত বহি যি জন নেতাই প্ৰায়ে শাসনাধীন চৰকাৰক প্ৰশ্নৰে ব্যতিব্যস্ত কৰি তুলিছিল সেই নেতাই আজি ৰাহুল গান্ধীৰ ওপৰত প্ৰশ্নৰ অৱতাৰণা কৰি দল ত্যাগ কৰে। বিধায়ক পদৰ পৰাও পদত্যাগ কৰে বহু বছৰ ধৰি কংগ্ৰেছ দলৰ হৈ কাম কৰা নেতাগৰাকীয়ে।

    অসমৰ প্ৰেক্ষাপটত চাবলৈ গলে , ৰাহুল গান্ধীয়ে নেতৃত্ব লোৱাৰ পিছতে কংগ্ৰেছে অসম হেৰুৱাইছিল। যি কংগ্ৰেছে এইবাৰৰ বিধানসভা নিৰ্বাচনতো মূৰ তুলিব নোৱাৰিলে। ওলোটাই ২০১৬ চনৰ বিধান সভা নিৰ্বাচনৰ পূৰ্বৰে পৰা এইবাৰৰ ২০২১ৰ বিধানসভা নিৰ্বাচনলৈ বহু কেইগৰাকী বাঘা বাঘা কংগ্ৰেছী নেতা হেৰুৱালেহে কংগ্ৰেছ দলে।

    প্ৰাক্তন কংগ্ৰেছৰ শীৰ্ষ পৰ্যায়ৰ নেতা বুলিলে প্ৰথমেই নাম লব লাগিব বৰ্তমানৰ বিজেপি শাসনাধীন চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম, তেনেদৰেই ভূৱনেশ্বৰ কলিতা, গৌতম বৰা, অৰ্ধেন্দু দে, অজন্তা নেওগ, আদিয়েও কংগ্ৰেছৰ হাত এৰিছিল। এতিয়া নতুন কৈ ৰূপজ্যোতি কুৰ্মী, জুৰি শৰ্মা বৰদলৈয়েও এৰিলে কংগ্ৰেছৰ হাত।

    সদ্য দলত্যাগী ৰূপজ্যোতি কুৰ্মী আৰু জুৰি শৰ্মা বৰদলৈয়ে খোলা খুলিকৈয়ে ক’লে কংগ্ৰেছ দল এৰাৰ প্ৰকৃত কাৰণ। ৰাহুল গান্ধী যোগ্য নেতা নহয়। ৰাষ্ট্ৰীয় দল এটাৰ ৰাহুল গান্ধীৰ দৰে নেতা থকাত জনতাইয়ো ভাল পোৱা নাই। যাৰ বাবেই ৰাইজ আতৰি গৈছে। আজিলৈকে কোনো এক নিৰ্বাচনতেই দলক জয়ৰ মুখ দেখুৱাবলৈ সক্ষম হোৱা নাই নেতাগৰাকীয়ে। ৰাজীৱ গান্ধীৰ দৰে ৰাহুল গান্ধী হ’ব নোৱাৰে।

    তেনেদৰে কেৱল অসমতেই নহয়, দেশৰ অন্য ৰাজ্যতো এতিয়া কংগ্ৰেছ ত্যাগ কৰাৰ ঢৌ উঠিছে। তাতে আৰু কোনো জ্যেষ্ঠ নেতাই ৰাহুল গান্ধীৰ তলত থাকিব নোৱাৰে। পাঞ্জাৱ,কেৰালা, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ আদিত কংগ্ৰেছৰ বহু নেতাই দল ত্যাগ কৰি ওলাই গৈছে।

    ৰাহুল গান্ধীৰ নেতৃত্বৰ আজিলৈ কোনো এক ৰাজনৈতিক যুঁজ জিকিব নোৱাৰে কংগ্ৰেছ দলে এতিয়াই দলৰ নেতৃত্ব সলনি নকৰিলে ভৱিষ্যতে কংগ্ৰেছ দল কেৱল কিতাপে বহীয়েহে থাকি যাব বুলিয়ো মন্তব্য কৰিছে বহুতেই। লগতে কৈছে মহাত্মা গান্ধীৰ আদৰ্শৰে গঠিত এটা দল উদ্ধাৰৰ এয়াই প্ৰকৃত সময়।

    আৰু পঢ়ক : কাছাৰত ভয়ংকৰ পথ দুৰ্ঘটনা! তীব্ৰবেগী ট্ৰাকৰ খুন্দাত প্ৰাণ গ’ল শিক্ষকৰ…

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং