ডিঙিত ফুলাম গামোছা লৈ মা কামাখ্যাৰ আশীষ ললে কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰ ৰাহুল গান্ধীয়ে

0
181
ডিঙিত ফুলাম গামোছা লৈ মা কামাখ্যাৰ আশীষ ললে কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰ ৰাহুল গান্ধীয়ে

ডিঙিত ফুলাম গামোছা লৈ মা কামাখ্যাৰ আশীষ ললে কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰ ৰাহুল গান্ধীয়ে

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ প্ৰতিকুল বতৰকো নেওচি আজি অসমলৈ আহে কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰ ৰাহুল গান্ধী। অসমলৈ আহিয়েই পুৱা মা কামাখ্যাৰ মন্দিৰত আশীষ লৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে ৰাওনা হয় গান্ধী।

আজি ছয়গাঁৱত মহাজোঁটৰ প্ৰাৰ্থী ৰেকিবুদ্দিন আহমেদ আৰু বৰক্ষেত্ৰীৰ প্ৰাৰ্থী দিগন্ত বৰ্মনৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব গান্ধীয়ে।

তেওঁ সংবাদমাধ্যমক কয় যে-“কংগ্ৰেছৰ ৫ গেৰাণ্টি পূৰ্ণ হ’ব। আমি বিজেপি নহয় কথা দি পাহৰিম। চটিছগঢ়ত ঋণ মাফ কৰিম কৈছিলো, কৰিলো। পাঞ্জাৱ কৰ্ণাটকটো কৈছিলো কৰি দেখুৱালো, এতিয়া অসমতো কথা দিছো কৰিম।”

ইফালে আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে তিনিগৰাকী প্ৰাৰ্থীৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অসমলৈ আহে।

আৰু পঢ়ক : সমাগত বহাগ বিহু! তাঁত শালৰ গৰকাৰ শব্দত মুখৰিত ৰাজ্যৰ চৌদিশ…