ইন্দোৰত উপস্থিত হোৱাৰ পিছতেই ৰাহুল গান্ধীক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি

0
58

কংগ্ৰেছৰ হেৰুওৱা শক্তি পুনৰুদ্ধাৰৰ বাবে ৰাহুল গান্ধীৰ নেতৃত্বত চলি থকা ভাৰত জোড়ো যাত্ৰাৰ মাজতে আজি এক মৃত্যুৰ ভাবুকি প্ৰদান কৰা এখন পত্ৰ লাভ কৰিছে ৰাহুল গান্ধীয়ে।

বৰ্তমান মহাৰাষ্ট্ৰত চলি থকা ভাৰত জোড়ো যাত্ৰাই মধ্যপ্ৰদেশৰ ইন্দোৰত উপস্থিত হোৱাৰ পিছতে বিস্ফোৰণেৰে ৰাহুল গান্ধীক হত্যা কৰা হ’ব বুলি ভাবুকি প্ৰদান কৰিছে এক অজ্ঞাত আততায়ীয়ে।

জুনি ইন্দোৰ থানা এলেকাৰ এখন মিঠাইৰ দোকানৰ বাহিৰৰ পৰা এই ভাবুকি পত্ৰখন লাভ কৰিছে। জুনি ইন্দোৰ আৰক্ষী আৰু ক্ৰাইম ব্ৰাঞ্চে পত্ৰখন দিয়া ব্যক্তিজনৰ সন্ধান আৰম্ভ কৰিছে।

উল্লেখ্য যে, ভাৰত জোড়ো যাত্ৰা ২০ নৱেম্বৰত মধ্যপ্ৰদেশত উপস্থিত হ’ব আৰু ২৪ নৱেম্বৰৰ আশে-পাশে ৰাহুল গান্ধীয়ে ইন্দোৰৰ খালছা ষ্টেডিয়ামত নিশা বিশ্ৰাম ল’ব।

ইতিমধ্যে পত্ৰ প্ৰেৰণ কৰা অচিনাক্ত ব্যক্তিগৰাকীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৫০৭ ধাৰাৰ অধীনত এক গোচৰ ৰুজু কৰা হৈছে বুলিও এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই জনায়।