26.8 C
Guwahati
Tuesday, July 27, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    কেৱল ইন্দ্ৰনগৰৰ নহয় সমগ্ৰ ভাৰতৰে গুণ্ডা ৰাহুল দ্ৰাবিড়, এগৰাকী নৱাগত ক্ৰিকেটাৰৰ মন্তব্য

    কেৱল ইন্দ্ৰনগৰৰ নহয় সমগ্ৰ ভাৰতৰে গুণ্ডা ৰাহুল দ্ৰাবিড়, এগৰাকী নৱাগত ক্ৰিকেটাৰৰ মন্তব্য

    শান্ত স্বভাৱৰ বাবে অনুৰাগীৰ মাজত জনপ্ৰিয় প্ৰাক্তন ক্ৰিকেটাৰ তথা বৰ্তমান শ্ৰীলংকা ভ্ৰমণলৈ যোৱা ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়।

    অলপতে তেওঁৰ এটা বিজ্ঞাপন প্ৰকাশ পাইছিল য’ত তেওঁক দেখা গৈছিল তীব্ৰ খঙাল ৰূপত। বিজ্ঞাপনটোত দ্ৰাবিড়ে এখন বেটেৰে গাড়ীৰ আইনা ভঙাৰ লগতে ‘মই ইন্দ্ৰনগৰৰ গুণ্ডা’ বুলিও চিঞৰা পৰিলক্ষিত হৈছিল।

    এই বিজ্ঞাপনটো সামাজিক মাধ্যমত খুব ভাইৰেল হৈ পৰিছিল আৰু এতিয়াও সেই বিষয়ক লৈ চৰ্চা চলি থাকে।

    দ্ৰাবিড় বৰ্তমান সময়ত ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক হিচাপে শ্ৰীলংকা ভ্ৰমণত আছে। ভাৰত-শ্ৰীলংকাৰ মাজত চলি থকা এদিনীয়া শৃংখলাৰ দ্বিতীয়খন মেচ ২০ জুলাইত অনুষ্ঠিত হৈ যায়।

    এই মেচখনত ভাৰতে তিনি উইকেটত বিজয় সাব্যস্ত হৈছিল। দীপক চাহাৰে অপৰাজিত ৬৯ ৰানৰ ইনিংছ খেলি ভাৰতৰ বিজয়ত মুখ্য ভুমিকা লৈছিল।

    এই মেচখনৰ পৰা নায়কত পৰিণত হোৱা চাহাৰে প্ৰশিক্ষক দ্ৰাবিড় সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে।

    চাহাৰে কয়, ‘ৰাহুল দ্ৰাবিড় কেৱল ইন্দ্ৰনগৰৰ নহয়, পুৰা দেশৰে গুণ্ডা’।

    উল্লেখ্য যে ভাৰতে কঠিন পৰিস্থিতিৰ পৰা ঘূৰি আহি যিদৰে মেচখন জিকিছিল তাৰ বাবে চাহাৰৰ লগতে প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ক শ্ৰেয় প্ৰদান কৰা হৈছে।

    মেচখন চলি থকাৰ সময়ত দ্ৰাবিড়ে চাহাৰক শেষলৈকে ক্ৰীজত থাকিবলৈ কৈছিল আৰু খেলুৱৈজনে প্ৰশিক্ষকৰ আজ্ঞা পালন কৰি ভাৰতক বিজয় প্ৰদান কৰিছিল।

    খেলখনৰ পিছত, চাহাৰে কৈছিল যে তেওঁৰ ওপৰত থকা ৰাহুল দ্ৰাবিড়ৰ বিশ্বাসে তেওঁক এই ইনিংছটো খেলাত সহায় কৰিছিল।

    আৰু পঢ়ক : টকিঅ’ অলিম্পিক, প্ৰি-কোৱাৰ্টাৰলৈ অসম কন্যা লাভলীনা বৰগোহাঁই

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং