‘মাতৃ হোৱা সহজ নহয়’- পত্নীৰ মৃত্যুৰ পাছত অকলেই পুত্ৰৰ লালন পালন কৰিছে ৰাহুল দেবে

0
17733

‘মাতৃ হোৱা সহজ নহয়’- পত্নীৰ মৃত্যুৰ পাছত অকলেই পুত্ৰৰ লালন পালন কৰিছে ৰাহুল দেবে

ৰাহুল দেৱ এজন অকলশৰীয়া পিতৃ। পত্নীৰ মৃত্যু হোৱাৰ পাছত অকলেই লালন পালন কৰিছে পুত্ৰৰ। ২০০৯ চনত পত্নী ৰীনা দেৱৰ মৃত্যুৰ পিছত, অভিনেতাজনে তেওঁৰ পুত্ৰ সিদ্ধাৰ্থ দেৱক অকলেই ডাঙৰ-দীঘল কৰে।

এক সাক্ষাৎকাৰত, ৰাহুল দেবে কৈছিল যে তেওঁ প্ৰায়ে অসুৰক্ষিত অনুভৱ কৰিছিল , তেওঁ তেওঁৰ পুত্ৰৰ মাতৃ আৰু পিতৃ দুয়োটা হ’বলৈ চেষ্টা কৰিছিল।

সেই সাক্ষাততে ৰাহুল দেবে কয় যে, মাতৃ হোৱাটো সহজ নহয়। চলচ্চিত্ৰত দেখুওৱাৰ দৰে সহজ নহয় কামবোৰ।

অভিনেতাজনে কানেক্ট এফএম কানাডাক কৈছিল, “প্ৰতিপালন একেবাৰে সহজ নহয়। শিশুক ডাঙৰ-দীঘল কৰাত মহিলাসকলৰ এক ডাঙৰ ভূমিকা আছে, তেওঁলোকে শিশুক বুজি পোৱাৰ ধৰণ সম্ভৱতঃ জন্মৰ পৰাই আহে।

মই বহুত ধৈৰ্য ধৰি কাম কৰিছিলো, এফালে অভিনয়ৰ কাম আনফালে ঘৰ। কেতিয়াবা এনে লাগিছিল মই মোৰ ধৈৰ্য হেৰুৱাম। যেতিয়া মই বিদ্যালয়ত অভিভাৱক-শিক্ষক সভালৈ গৈছিলো, তেতিয়া বেছিভাগ সন্তানৰে মাতৃক দেখিছিলো। সেই সময়ত মই গভীৰ নিৰাপত্তাহীনতাৰ অনুভৱ কৰিছিলোঁ।”

“এইটো অতি বেদনাদায়ক। কিন্তু মই মোৰ সন্তানৰ বাবে সকলো কৰিব বিচাৰো। চলচ্চিত্ৰত এইটো সহজ যেন লাগে, চলচ্চিত্ৰত দেখাৰ দৰে ই একেবাৰে নহয়।

উল্লেখ্য যে, ৰাহুল দেব বৰ্তমানে অভিনেত্ৰী মুগ্ধা গডছেৰ সৈতে সম্পৰ্কত আছে। মুগ্ধাৰসৈতে ৰাহুলৰ বয়সৰ পাৰ্থক্য ১৫ বছৰ। অৱশ্যে দুয়ো বৰ্তমানলৈ বিয়া পতা নাই।