কৰ্ণাটকৰ এগৰাকী ৪২ বছৰীয়া ব্যক্তিয়ে দীৰ্ঘদিনৰ অন্তত নিজৰ পুত্ৰৰ সৈতে দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হয়।
ৰহমতুল্লা নামৰ কৰ্ণাটকৰ ৪২ বছৰীয়া ব্যক্তিগৰাকীয়ে তিনিটা প্ৰচেষ্টাৰ অন্তত অৱশেষত দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হয়।
সদ্য ঘোষিত কৰ্ণাটকৰ দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফলত ৰহমতুল্লাই মুঠ ৩৩৩ নম্বৰ লাভ কৰি উত্তীৰ্ণ হয়।
ৰহমতুল্লাৰ পুত্ৰয়ো সদ্য ঘোষিত কৰ্ণাটকৰ দশম শ্ৰেণীৰ পৰীক্ষাত ৯৮ শতাংশ নম্বৰেৰে উত্তীৰ্ণ হয়।
দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছতে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰহমতুল্লাই কয় যে, তেওঁৰ পুত্ৰই তেওঁ কামৰ পৰা উভতি অহাৰ পাছত তেওঁক পঢ়াই যাৰ বাবে তেওঁ আজি এই সফলতা লাভ কৰিবলৈ সক্ষম হৈছে।
“এয়া মোৰ বাবে এক বিশেষ মূহুৰ্ত, মই সচাকৈ আজি আনন্দিত হৈ পৰিছো,” ৰহমতুল্লাই এইদৰে কয়।
ইপিনে, ৰহমতুল্লাৰ পুত্ৰয়ো নিজৰ লগতে পিতৃৰ সফলতাত গৌৰৱবোধ কৰি আনন্দ প্ৰকাশ কৰে।