১০০ কোটি টকাৰ বিনিময়ত ৰাজ্যসভাৰ আসন বিক্ৰী? ৫ জনক গ্ৰেপ্তাৰ

0
2658

১০০ কোটি টকাৰ বিনিময়ত ৰাজ্যসভাৰ আসন বিক্ৰী? ৫ জনক গ্ৰেপ্তাৰ

চি বি আইয়ে ঠগ প্ৰৱঞ্চনা কৰাৰ অপৰাধত ৫ গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে। এই চাৰিগৰাকী লোকে ১০০ কোটি টকাৰ বিনিময়ত ৰাজ্য সভাৰ আসন আৰু ৰাজ্যপাল বনাই দিব বুলি জাল পেলাইছিল। যাৰ বিষয়ে তদন্ত চলাই চি বি আইয়ে গ্ৰেপ্তাৰ কৰে এই ৫গৰাকীক।

গ্ৰেপ্তাৰ হোৱা লোক ৫গৰাকী কমলাকৰ প্ৰেমকুমাৰ বান্দগঢ় (Kamalakar Premkumar Bandgar ), ৰবীন্দ্ৰ বিত্থল নাইক (Ravindra Vithal Naik), মহেন্দ্ৰ পাল অৰোৰা (Mahendra Pal Arora) আৰু আন দুজনৰ নাম অভিষেক বোয়েৰা (Abhishek Boera) আৰু মহম্মদ আজিজ খান (Mohammed Aijaz Khan)।

চিবিআইয়ে এই গোচৰটোত মহাৰাষ্ট্ৰৰ লাতুৰৰ পৰা কমলাকাৰক, কৰ্ণাটকৰ বেলগামৰ পৰা ৰবীন্দ্ৰক আৰু দিল্লী-এনচিআৰৰ পৰা মহেন্দ্ৰক, অভিষেক বোয়েৰা আৰু মহম্মদ আজিজক গ্ৰেপ্তাৰ কৰিছে।

এই চাৰিগৰাকী লোকে ৰাজ্য সভাৰ আসনৰ লগতে, ৰাজ্যপাল আসন আৰু ৰাজনৈতিক ক্ষেত্ৰত অন্য উচ্চ পদ দিয়াৰ নামত ঠগ প্ৰৱঞ্চনাৰ আশ্ৰয় লৈ বহু লোকক ঠগি আহিছিল।

দিল্লী, মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকৰ পৰা গ্ৰেপ্তাৰ হৈছে লোক কেইগৰাকী। বহু কোটি টকাৰ লেনদেনৰে এইদৰে ৰাজনৈতিক ক্ষেত্ৰত উচ্চ পদ দিয়াৰ জাল পেলাইছিল লোক চাৰিগৰাকীয়ে।

পাছে চি বি আইয়ে এই বিষয়ে সম্ভেদ লাভ কৰি এজন এজনকৈ কেউগৰাকীকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।