
বিহাৰত প্ৰায় ৮০ জনৰো অধিক লোকক আক্ৰমণ কৰা মানসিকভাৱে বিকাৰগ্ৰস্ত এটা কুকুৰক অৱশেষত প্ৰহাৰ কৰি হত্যা কৰা হয়।
স্থানীয় লোকসকলে জনোৱা অনুসৰি কুকুৰটোৱে কামোৰাৰ ফলত ৮০ জনৰো অধিক লোক আৰাহৰ জিলা চিকিৎসালয়ত ভৰ্তি হ’ব লগা হয়।
‘কুকুৰে কামোৰাৰ ঘটনা লৈ আৰহৰ জিলা চিকিৎসালয়লৈ প্ৰায় ৮০ জন লোক আহিছে। ৰোগীসকলৰ ভিতৰত ১০-১২ জন শিশু আছে। ৰোগীক প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হৈছে’, চিকিৎসালয়খনৰ চিকিৎসক ডাঃ নৱনীত কুমাৰ চৌধাৰীয়ে এইদৰে কয়।
আনহাতে, আক্ৰমণৰ ঘটনাটো পোহৰলৈ অহাৰ পিছত কুকুৰটোক বৃহস্পতিবাৰে নিশা চহৰখনৰ দুধ কাটোৰা এলেকাত স্থানীয় লোকে লাঠি আৰু ৰডেৰে প্ৰহাৰ কৰি হত্যা কৰে।
স্থানীয় লোকে দাবী কৰে যে, ‘ৰেবিজ আক্ৰান্ত কুকুৰটোৱে আৰা চহৰৰ বিভিন্ন স্থানত আতংকৰ সৃষ্টি কৰিছিল’।
বিষয়াসকলৰ মতে, কুকুৰটোক ধৰিবলৈ স্থানীয় নাগৰিক সংস্থাটোৰ এটা দল প্ৰেৰণ কৰা হৈছিল যদিও দলটো সেই স্থানত উপস্থিত হোৱাৰ পূৰ্বেই স্থানীয় লোকে প্ৰহাৰ কৰি হত্যা কৰে কুকুৰটোক।
‘বৃহস্পতিবাৰে আৰহৰ সদৰ চিকিৎসালয়ত প্ৰায় ৮৬ জন লোকক ৰেবিজৰ বেজী দিয়া হয়’, বিষয়াই এইদৰে জানিবলৈ দিয়ে।