অভ্ৰিতা অৰ্চা বড়া
ভাৰতবৰ্ষত সাধাৰণতে দেখা দিয়া এবিধ মাৰাত্মক ৰোগ হল জলাতংক ৷ এই ৰোগটোৱে মানুহ আৰু জীৱ-জন্তু উভয়কে মৃত্যুৰ মুখলৈ ঠেলি দিয়ে| এই ৰোগটোৰ পৰা বাচিবলৈ মানুহে সদায় জীৱজন্তু ৰ পৰা নিজকে সাৱধানে আঁতৰাই ৰাখিব লাগে। মানুহে সদায় পোহনীয়া জন্তু সমূহৰ স্বাস্থ্য ৰ প্ৰতি যত্ন ল’ব লাগে যাতে এই জন্তু সমূহৰ পৰা জলাতংক নিচিনা ৰোগ সমূহৰ শৰীৰলৈ বিয়পিব নোৱাৰে লগতে পোহনীয়া জন্তুসমূহৰ স্বাস্থ্য ও ভালে থাকে।
জলাতংক ৰোগ এবিধ ভাইৰাছৰ পৰা উৎপন্ন হয়। এই ৰোগটো বলিয়া জন্তুৱে কামুৰিলে বৃদ্ধি পায়। এই ৰোগৰ লক্ষণ সমূহৰ ভিতৰত জ্বৰ, বিষ আৰু জিভাৰ পৰা অতি মাত্ৰাত লেলাউটি ওলায়। ৰোগীজনে শব্দ বা পোহৰ আদি সহ্য কৰিব নোৱাৰা হয়। তাৰোপৰি ৰোগী জনে খোৱা বস্তু গিলাটো কষ্ট পায়, পানীলৈ ভয় কৰে আৰু মাংস পেখি সমূহ সিৰামুৰি ধৰে। এই ৰোগৰ ফলত ৰোগীজনে উশাহ নিশাহ লওঁতে কষ্ট পায় আৰু হৃদযন্ত্ৰ বন্ধৰ ফলত মৃত্যু মুখত পৰে।
জলাতংক ৰোগ দুই ধৰনৰ –
ক) ফিউৰিয়াচ (furious form)
খ) পেৰালাইটিক (paralytic form)
ক) বলিয়া জন্তুৱে যেতিয়া কোনো এজন ব্যক্তিক কামোৰ মাৰে তাৰ ফলত ফিউৰিয়াচ জলাতংক ৰোগৰ ধৰণ টোৱে দেখা দিয়ে। ইয়াৰ ফল স্বৰূপে ব্যক্তিজনৰ মাত কথাবোৰ হুটা হয়। তাৰোপৰি মুখৰ পৰা অতিমাত্ৰাত লেলাউটি নিগৰিত হয়।
খ) পেৰালাইটিক আচৰণত জন্তুটোৰ ডিঙি আৰু হনু অচল হৈ পৰে আৰু অত্যাধিক লেলাউটি নিগৰিট হয়। এইধৰণৰ বেমাৰ হোৱা জন্তুৱে কামোৰা অভ্যাস খুবেই কম।
বলিয়া জন্তুৱে কামোৰাৰ পাছত এই ৰোগটোৰ লক্ষণ সমূহ দেখা দিবলৈ কামোৰাৰ দিনটোৰ পৰা কেইবাবছৰো সময় লাগিব পাৰে। জলাতংক ৰোগ হোৱা বুলি সন্দেহ কৰা জন্তু সমূহক ১0 দিন পৰ্যবেক্ষণত ৰখা হয়। যদি এই ৰোগৰ লক্ষণ সমূহ জন্তু সমূহৰ শৰীৰত দেখা পোৱা যায় তেতিয়া এই জন্তু সমূহ মাৰি পেলোৱা হয় অথবা জলাতংক ৰোগ ৰ প্ৰতিষেধক প্ৰদান কৰা হয় আৰু যদিহে এই ৰোগৰ লক্ষণ সমূহ জন্তুসমূহ ৰ শৰীৰত দেখা পোৱা নাযায় তেতিয়া প্ৰাথমিক চিকিৎসা প্ৰদান কৰি জন্তুসমূহক মুকলি কৰি দিয়া হয়।
এই ৰোগৰ মানৱ শৰীৰৰ চিকিৎসাৰ বাবে PEP প্ৰদান কৰা হয়। এই চিকিৎসা বিভিন্ন ভাগত ভাগ কৰা হৈছে। এই ৰোগত আক্ৰান্ত জন্তুৱে মানৱ শৰীৰত আক্ৰমণ কৰিলে অতি সোনকালে বেজী লোৱাটো অত্যন্ত জৰুৰী। যদিহে এই ৰোগৰ লক্ষণ মানৱ শৰীৰত দেখা দিয়ে তেতিয়া মৃত্যু অনিবাৰ্য্য।
জলাতংক ৰোগে মানৱ আৰু জন্তু দুয়োটাকে একেলগে ধংস কৰিব পাৰে। পৰিসংখ্যা অনুসৰি ভাৰতবৰ্ষত প্ৰতিবছৰে ২২000 মানুহ মৃত্যু মুখত পৰে। জলাতংক ৰোগ প্ৰতিহত কৰিবলৈ প্ৰতিজন নাগৰিকে তেওঁলোকৰ পোহনীয়া কুকুৰ, মেকুৰী সমূহক প্ৰাথমিক চিকিৎসা আৰু প্ৰতিষেধক সমূহ সময় সময়ে প্ৰদান কৰিব লাগিব ।
(অভ্ৰিতা অৰ্চা বড়া, লক্ষীমপুৰ পশুচিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ ছাত্ৰী, প্ৰকাশিত প্ৰবন্ধত উল্লেখ কৰা মতামত লেখিকাৰ নিজস্ব আৰু সেই মতামতে TIME8ৰ বক্তব্য প্ৰতিফলিত নকৰিবও পাৰে। )
আৰু পঢ়ক : হায়ৰে পিতৃৰ কৰ্তব্য ! নিজেই নিজৰ কন্যাক বহু দিন ধৰি ধৰ্ষণ, সকলো জানিয়ো মাতৃ নিমাত