পিতৃ-মাতৃক অকালতে হেৰুৱাই নিথৰুৱা ৰবি, অকলেই কৰি গৈছে জীৱন সংগ্ৰাম

0
60
পিতৃ-মাতৃক অকালতে হেৰুৱাই নিথৰুৱা ৰবি, অকলেই কৰি গৈছে জীৱন সংগ্ৰাম

পিতৃ-মাতৃক অকালতে হেৰুৱাই নিথৰুৱা ৰবি, অকলেই কৰি গৈছে জীৱন সংগ্ৰাম। ৯ বছৰ পূৰ্বে হেৰুৱাইছিল পিতৃক, দুবছৰ পূৰ্বে হেৰুৱালে মাতৃকো। মধুমেহ ৰোগত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছিল পিতৃ-মাতৃয়ে।

লখিমপুৰৰ নাওবৈচাৰ খকনবড়ীৰ এগৰাকী মেধাৱী ছাত্ৰৰ জীৱন সংগ্ৰামৰ কৰুণ কাহিনী। পিতৃ-মাতৃক হেৰুৱাই অকলশৰীয়াকৈ এটা ভগা জুপুৰিত জীৱন অতিবাহিত কৰিছে ৰবি শইকীয়া নামৰ এজন ঘাটমাউৰাই।

বৰ্তমানে অকলেই উপাৰ্জনৰ দিশ চোৱাচিতাৰ লগতে পঢ়াৰ দিশটোও সমানে আগুৱাই নিছে ৰবিয়ে। ৰবি বৰ্তমানে উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ ছাত্ৰ। গাঁৱৰে ৩টা কন কন শিশুক পঢ়ুৱাই সামান্য উপাৰ্জন কৰে ৰবিয়ে।

ৰবিয়ে বাস কৰা ঘৰটোৰ ভিতৰৰ পৰা আকাশৰ তৰা গণিব পৰা, এসাঁজ খাই আনসাঁজৰ চিন্তাত সময় অতিবাহিত কৰা ৰবিয়ে এৰা নাই পঢ়িব।

উত্তৰ লখিমপুৰ মহাবিদ্যালয়ত অসমীয়া বিভাগত স্নাতক প্ৰথম বৰ্ষত অধ্যয়ন কৰা ৰবিয়ে আৰ্থিক সমস্যাৰ বাবে গোটাব পৰা নাই কিতাপ-পত্ৰ সমূহো।

বছৰ-মান-দিন ধৰি অকলশৰীয়াকৈ জীৱন সংগ্ৰাম অব্যাহত ৰখা ৰবিৰ এই কৰুণ দৃশ্য দৃষ্টিগোচৰ নহ’ল স্থানীয় গাঁও পঞ্চায়তৰো।

Input and Photo- Hassinur Alom

আৰু পঢ়ক : ৫০ কোটি টকা লুণ্ঠনৰ অভিযোগ, অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন সম্পাদক প্ৰদীপ বুঢ়াগোহাঁইক কাৰাগাৰলৈ প্ৰেৰণ