
সম্পূৰ্ণ ১৪টা দিনৰ অন্তত গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ প্ৰথমটো কৰ’ণা চিকিৎসা কৰা চিকিৎসকৰ দলকতোক ঘৰলৈ যাবলৈ অনুমতি। পৰীক্ষা নিৰিক্ষাৰ অন্তত আজি স্বাস্থ্যকৰ্মীৰ দলটোক ঘৰলৈ যাবলৈ অনুমতি দিয়ে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দলটোত আছিল ৩গৰাকী চিকিৎসক আৰু ৩ গৰাকী নাৰ্ছ।
ৰাতিপূৱাৰ ভাগতেই স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী পিযুষ হাজৰিকাৰ উপস্থিটিত ঘৰলৈ যাবলৈ দিয়া হয় দলটোক। ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই ঘৰলৈ যাবলৈ দিয়া হয় স্বাস্থ্যকৰ্মীৰ দলটোক। GMCHত কৰ’ণা চিকিৎসা কৰা চিকিৎসকৰ দলটো আছিল প্ৰথম।

হোটেল তাজৰ পৰা পোনে পোনে ঘৰলৈ স্বাস্থ্য কৰ্মীৰ দলটো। ঘৰত দুদিন থকাৰ পিছত পুনৰ সেৱা আগবঢ়াবলৈ আহ্বান জনায় হিমন্ত বিশ্ব শৰ্মাই। কোৱাৰাণ্টাইন হৈ থকা চিকিৎসকৰ দলটোত আছিল ডা০ তুলিকা ঠাকুৰীয়া, ডা০ গৌতম কুমাৰ আৰু ডা০অজিত বাহেটি আনহাতে অন্য স্বাস্থ্যকৰ্মী কেইগৰাকী হৈছে ৰাজু, পূৰবী, মমিতা।
Photo Credit: @anitpratiimnbaruah