24 C
Guwahati
Friday, December 3, 2021
More

    লেট্ৰিনৰ পাইপৰ পৰা ওলাল গাঁঠে গাঁঠে টকা, পাইপৰ মুখত বাল্টি পাতি ধৰিলে ৫ লাখ টকা, ভিডিঅ’ সৰ্বত্ৰে ভাইৰেল..

    লেট্ৰিনৰ পাইপৰ পৰা ওলাল গাঁঠে গাঁঠে টকা, পাইপৰ মুখত বাল্টি পাতি ধৰিলে ৫ লাখ টকা, ভিডিঅ’ সৰ্বত্ৰে ভাইৰেল..

    লেট্ৰীনৰ পাইপ, ওলাব লাগে কিবা, ওলাল কিবা। তদন্তকাৰী দৰে পাইপৰ মুখত বাল্টি পাতি পাইপ খুচৰি দিওতেই ওলাই পৰে জোলোঙাৰ মেকুৰী। পাইপৰ পৰা লেতেৰাৰ সলনি ওলাল গাঁঠে গাঁঠে টকা। গণি চাই দেখে সৰ্বমুঠ ৫ লাখ টকা।

    যি দৃশ্যৰ ভিডিঅ এতিয়া সৰ্বত্ৰে ভাইৰেল হৈ পৰিছে। এগৰাকী পি ডব্লিউ ডি ইঞ্জিনিয়াৰৰ ঘৰৰ লেট্ৰিনৰ পাইপৰ পৰা তদন্তকাৰীদৰে উদ্ধাৰ কৰিবলৈ সক্ষম হয় গুপ্ত ধন। এই ঘটনা কৰ্নাটকৰ। ইমানেই ঘোৰ দুৰ্নীতি যে, বেংকৰ বাহিৰে ঘৰৰ অন্য ঠাইত থোৱাৰ লগতে লেট্ৰিনৰ পাইপতো লুকুৱাই ৰাখে টকা।

    কৰ্নাটকৰ সান্তানগৌড়া নামৰ এগৰাকী অভিযন্তাৰ ঘৰত দুৰ্নীতি বিৰোধী শাখাই অভিযান চলাই মুঠ ৪০ লাখ টকা উদ্ধাৰ কৰিছিল। তাৰেই ৫ লাখ টকা পাইছিল পাইপৰ ভিতৰত। সম্পূৰ্ণ প্ৰমাণ আৰু তথ্য সহকাৰে এক গোপন খবৰ লাভ কৰিছিল সেই টকা সন্দৰ্ভত।

    খবৰ লাভ কৰাৰ পাছতেই দুৰ্নীতি নিবাৰক শাখাই পাইপৰ কাম জনা লোক এগৰাকীৰ সৈতে উপস্থিত হৈছিল ঘৰটোত আৰু আৰক্ষীয়ে গোটেই ঘৰটো তন্নতন্ন কৈ পৰীক্ষা কৰি প্ৰায় ৪০ লাখ টকাৰ নগদ ধন উদ্ধাৰ কৰিছিল।

    আৰু পঢ়ক : ২টাকৈ দলবদ্ধ ধৰ্ষণৰ ৩ জন দোষীৰ ফাঁচীৰ ৰায় উঠাই আদালতে বিহিলে যাৱজ্জীৱন কাৰাদণ্ড

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং