
ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত হঠাতে নিশাৰ পৰা অধিক চেপা উত্তেজনাই বিৰাজ কৰিছে। কিয়নো ৰাছিয়াৰ ৰাষ্ট্ৰপতি ব্লাডিমিৰ পুটিন হঠাতে এক বৃহৎ ঘোষণা কৰে।
পূৱ ইউক্ৰেইনৰ ৰুছ সমৰ্থিত দুটা অঞ্চলক স্বতন্ত্ৰ দেশ ঘোষণা কৰিছে। ইয়াৰ ফলত ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণৰ আশংকা অধিক বৃদ্ধি পাইছে।
ৰাষ্ট্ৰপতিৰ সুৰক্ষা কমিটিৰ সৈতে আলোচনাৰ পাছতে পুটিন এই বিষয়ে সদৰি কৰে। লগতে ইয়াকো কয় যে, অতি শীঘ্ৰেই বিদ্ৰোহীৰ সৈতে বুজাবুজিত স্বাক্ষৰ কৰিব।
ইয়াৰ বিপৰীতে পুটিনৰ এই ঘোষণাৰ পাছতে ব্ৰিটেইনে ল’লে এক ডাঙৰ সিদ্ধান্ত। ৰাছিয়াৰ ওপৰত নতুন প্ৰতিবন্ধকতা আৰোপ কৰে।
ৰাছিয়াৰ এই পদক্ষেপ নিকৃষ্ট আখ্যা দিয়ে বৃটেইনে। কয় এয়া ইউক্ৰেইনৰ ক্ষেত্ৰীয় অখণ্ডতাৰ ওপৰত আক্ৰমণ কৰিছে ৰাছিয়াই।
আৰু পঢ়ক : দৈনিক ৰাশিফল, কেনে যাব আজিৰ ২২ ফেব্ৰুৱাৰী দিনটো