
নিশা ৰাজপথত অসুৰক্ষিত যুৱতী! ৰাজহুৱা স্থানতেই প্ৰহাৰ যুৱতীক, মাৰপিত কৰি বলপূৰ্বকভাবে গাড়ীত উঠোৱাৰ চেষ্টা, বাধা প্ৰদান নকৰাকৈ চাই আছিল লোকসকলে…
দিল্লীৰ ৰাজপথত পুনৰ এবাৰ দেখা পোৱা গ’ল এক চাঞ্চল্যকৰ ঘটনাৰ। দিল্লীৰ মংগলপুৰি উৰণীয় সেতুৰ সমীপত ঘটা এটা ঘটনাৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতেই দিল্লী আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। এই ঘটনা সংঘটিত হয় শনিবাৰে নিশা প্ৰায় ১১ মান বজাত।
উল্লেখ্য যে, উক্ত ভিডিঅ’টিত ৰাজহুৱা স্থানত, বহু লোকৰ উপস্থিতিতেই এগৰাকী যুৱতীক এজন যুৱকে প্ৰহাৰ কৰি বলপূৰ্বক গাড়ীত বহিবলৈ চেষ্টা কৰোৱা পৰিলক্ষিত হৈছিল।
তথ্য অনুসৰি, যুৱতী গৰাকীয়ে আন দুজন যুৱকৰ সৈতে অনলাইন টেক্সী বুক কৰিছিল ৰোহিনীৰ পৰা বিকাশপুৰীলৈ যাবৰ বাবে। কিন্তু যাত্ৰা পথত যুৱতী গৰাকীৰ সৈতে যুৱক দুজনৰ কোনো কথাত বাক বিতণ্ডাৰ সূত্ৰপাত হোৱাত যুৱতীগৰাকীয়ে গাড়ীৰ পৰা নামি আহিছিল।
তাৰ পাছতেই যুৱকজনে বলপূৰ্বকভাৱে যুৱতীগৰাকীক গাড়ীত বহিবলৈ বাধ্য কৰোৱাৰ চেষ্টা কৰাৰ ওপৰিও প্ৰহাৰো কৰিছিল যুৱতীগৰাকীক। নিৰব হৈ কেৱল চাই আছিল ৰাজপথত থকা লোকসকলে। অৱশ্যে দিল্লী আৰক্ষীয়ে কেব আৰু চালকজনৰ সন্ধান উলিয়াইছে।