৫ লাখ টকা আৰু চৰকাৰী চাকৰি কৃষক আন্দোলনত প্ৰাণ হেৰুওৱা কৃষকৰ পৰিয়াললৈ

0
85
কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদৰ সময়ত মৃত্যু হোৱা কৃষকক চৰকাৰৰ তৰফৰ পৰা দিয়া নহয় কোনো সাহায্য
ফাইল ফটো

পঞ্জাৱ চৰকাৰে ৫ লাখ কৈ টকা দিব কৃষক আন্দোলনত প্ৰাণ হেৰুওৱা ৭৬ গৰাকী কৃষকৰ পৰিয়াললৈ। লগতে দিব একোটা চৰকাৰী চাকৰি।

পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিং নেতৃত্বাধীন চৰকাৰে কৃষক আন্দোলনত প্ৰাণ হেৰুওৱা ৭৬ গৰাকী কৃষকৰ পৰিয়াললৈ ৫ লাখ কৈ টকা দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। ২০২০চনৰ ২৬ নৱেম্বৰৰ পৰা দিল্লীৰ সিংঘু সীমান্তত আৰম্ভ কৰা কৃষক আন্দোলত অংশ লৈয়ে প্ৰাণ হেৰুৱাইছিল ৭৬ গৰাকী কৃষকে।

কোনোৱে যদি প্ৰতিকুল বতৰৰ বাবে প্ৰাণ হেৰুৱাব লগা হৈছিল কোনোৱে আকৌ কৃষক আইন ২০২০ বাতিলৰ দাবীৰে আত্মজাহ গৈছিল। সেই সকলো কৃষকৰ পৰিয়ালকে পঞ্জাৱ চৰকাৰে ৫ লাখকৈ টকা দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে।

মুখ্যমন্ত্ৰী সাহায্য নিধিৰ ফালৰ পৰা এই ধনৰাশি দিয়া হব কেউগৰাকী মৃত কৃষকৰ পৰিয়াললৈ। আস্ক দা কেপ্টেইন নামৰ এক অনুষ্ঠানৰ জৰিয়তে এই কথা নিজেই সদৰি কৰে পঞ্জাৱৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।

কেৱল ৫ লাখ টকাই নহয় কেউটা মৃত্যু হোৱা কৃষক পৰিয়ালৰ একোজন সদস্যক দিব চৰকাৰী চাকৰি।

আৰু পঢ়ক : কংগ্ৰেছে হত্যা কৰিছিল সুভাষ চন্দ্ৰ বসুক! বিজেপি সাংসদৰ গুৰুতৰ অভিযোগ

Photo Credit: free press journal