পুণে-জলগাঁৱত মুষলধাৰ বৰষুণ, ১৭ গৰাকী লোক নিহত

বুধবাৰে পুণেত হোৱা মুষলধাৰ বৰষুণৰ পিছত পানীৰে ভৰি যোৱা এলেকাসমূহৰ পৰা প্ৰায় হাজাৰ লোকক সুৰক্ষিত স্থানলৈ প্ৰেৰণ কৰা হয়

0
151

মহাৰাষ্ট্ৰৰ পুণে আৰু জলগাঁৱত নেৰানেপেৰা বৰষুণ। পুণেত বৰষুণ আৰু অট্টালিকা খহি পৰাৰ ফলত ১২ গৰাকী লোকৰ মৃত্যু হয়। ইফালে জলগাঁৱত বজ্ৰ পৰি এটা পৰিয়ালৰ ৪ গৰাকী লোকসহ ৫ গৰাকী লোকৰ মৃত্যু হয়। বুধবাৰে পুণেত হোৱা মুষলধাৰ বৰষুণৰ পিছত পানীৰে ভৰি যোৱা এলেকাসমূহৰ পৰা প্ৰায় হাজাৰ লোকক সুৰক্ষিত স্থানলৈ প্ৰেৰণ কৰা হয়।

Photo credit: dailypioneer.com

বতৰ বিজ্ঞান বিভাগে প্ৰৱল বৰষুণৰ এলাৰ্ট জাৰি কৰিছে। স্কুল-কলেজসমূহত বন্ধ ঘোষণা কৰা হৈছে। চহৰখনৰ কাত্ৰজ, বীবেবাড়ী, সিংগড় আৰু সহকাৰ এলেকাসমূহত পথৰ ওপৰেেৰ বৈছে পানী। কেইবাটাও অঞ্চলত বিদ্যুতৰ যোগাযোগো বিচ্ছিন্ন হৈছে।

Photo credit: thehindu.com

দৰগাহত শুই থকা ৫ গৰাকী লোক উটি যায়
NDRFৰ দুটা দল পুণেত আৰু দুটা দল বাৰামতীত মোতায়েন কৰা হৈছে। পুণেৰ খড়ে-শিবপুৰ গাঁৱৰ দৰগাহত শুই থকা ৫ গৰাকী লোক পানীত উটি যায়।