পুলৱামা আক্ৰমণৰ ৫ জৈশ-ই-মহম্মদৰ সন্ত্ৰাসবাদীক যাবজ্জীৱন কাৰাদণ্ড প্ৰদান

0
71

পুলৱামা আক্ৰমণৰ ৫ জৈশ-ই-মহম্মদৰ সন্ত্ৰাসবাদীক যাবজ্জীৱন কাৰাদণ্ড প্ৰদান

জৈশ-ই-মহম্মদৰ পাঁচজন সন্ত্ৰাসবাদীক সোমবাৰে দিল্লীৰ এখন আদালতে আজীৱন কাৰাদণ্ড প্ৰদান কৰে।

পুলৱামাত কেন্দ্ৰীয় ৰিজাৰ্ভ আৰক্ষী বাহিনীৰ কনভয়ত আক্ৰমণ আৰু ষড়যন্ত্ৰ কৰাৰ বাবে আদালতে এই শাস্তি প্ৰদান কৰিছে।

এই পাঁচজন সন্ত্ৰাসবাদীৰ ভিতৰত আছে চাজ্জাদ আহমেদ খান, যি পুলৱামাত চিআৰপিএফৰ কনভয়ত আক্ৰমণৰ সময়ত নিৰাপত্তা বাহিনীৰ গতিবিধিৰ বিষয়ে তথ্য দিছিল।

পাটিয়ালা হাউচ আদালতে সমগ্ৰ দেশজুৰি সন্ত্ৰাসবাদী কাৰ্যকলাপ চলাবলৈ যুৱকসকলক নিয়োগ আৰু প্ৰশিক্ষণ দিয়াৰ বাবে পাঁচোজন সন্ত্ৰাসবাদীক দোষী সাব্যস্ত কৰিছে।

বিশেষ ন্যায়াধীশ শৈলেন্দ্ৰ মালিকে চাজ্জাদ আহমেদ খান, বিলাল আহমেদ মীৰ, মুজাফ্ফৰ আহমেদ ভাট, ইশফাক আহমেদ ভাট আৰু মেহৰাজুদ্দিনক এই শাস্তি প্ৰদান কৰে।

এই দোষীসকল কেৱল জৈশৰ সদস্যই নহয়,তেওঁলোকে সন্ত্ৰাসবাদী সকলক অস্ত্ৰ,গোলাবাৰুদ আৰু লজিষ্টিক প্ৰদান কৰি সহযোগিতা কৰিছিল।

উল্লেখ্য যে ২০১৯ চনত, জম্মু আৰু কাশ্মীৰৰ পুলৱামা জিলাত সন্ত্ৰাসবাদীয়ে আৰক্ষীৰ কনভয়ত আক্ৰমণত কৰিছিল |য’ত ৪০ জন চিআৰপিএফ জোৱান নিহত হৈছিল।