27 C
Guwahati
Saturday, August 6, 2022
More

    ভাৰতৰ বিৰুদ্ধে খেলিবলৈ সাজু পূজাৰা, বুমৰাহ, পণ্ট আৰু প্ৰসিদ্ধ কৃষ্ণা

    ভাৰতীয় ক্ৰিকেট দলটো বৰ্তমান ইংলেণ্ডত আছে। ইয়াত ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতে ইংলেণ্ডৰ বিৰুদ্ধে এখন টেষ্ট, তিনিখন এদিনীয়া আৰু তিনিখন টি-২০ মেচ খেলিব। ১ জুলাইৰ পৰা বাৰ্মিংহামত টেষ্ট মেচেৰে আৰম্ভ কৰিব অভিযান।

    এই টেষ্ট মেচৰ পূৰ্বে টীম ইণ্ডিয়াই খেলিব এখন ৱাৰ্ম আপ মেচ। এই মেচখন বৃহস্পতিবাৰৰ পৰা (২৩-২৬ জুন) ইংলিছ ক্লাব লেইচেষ্টাৰশ্বায়াৰৰ বিৰুদ্ধে খেলা হ’ব।

    আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰটো হ’ল যে এই ৱাৰ্ম আপ মেচখনত চাৰিজন ভাৰতীয় খেলুৱৈয়ে ভাৰতৰ বিৰুদ্ধে খেলিব।

    খেলুৱৈ কেইগৰাকী হৈছে চেতেশ্বৰ পূজাৰা, যশপ্ৰীত বুমৰাহ, ঋষভ পণ্ট আৰু প্ৰসিদ্ধ কৃষ্ণা। এই চাৰিওজন ক্ৰিকেটাৰে লেইচেষ্টাৰশ্বায়াৰৰ হৈ খেলিব।

    চাৰি দিনীয়া ৱাৰ্ম আপ মেচখনত দুয়োটা দলৰ ১৩-১৩ জন খেলুৱৈয়ে অংশ ল’ব যাতে বলাৰসকলৰ অধিক কষ্ট নহয়।

    উল্লেখ্য যে এই চাৰিগৰাকী ভাৰতীয় ক্ৰিকেটাৰে ইংলিছ ক্লাবৰ হৈ খেলিবলৈ ভাৰতীয় ব’ৰ্ড, ইংলেণ্ড ক্ৰিকেট ব’ৰ্ডৰ তৰফৰ পৰা অনুমতি লাভ কৰিছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং