আজি শুভ মহালয়া

মহালয়াৰ সময় নিশা ২ বাজি ৩৮মিনিটৰ পৰা আজি নিশা ১২বাজি ১মিনিট ২১ছেকেণ্ডলৈ আছে

0
247

অশুভ শক্তিক নাশ কৰিবলৈ ধৰাৰ বুকুলৈ নামিল দেৱী দুৰ্গা। মহালয়াৰ এই পবিত্ৰ দিনটোত দেৱী মাক পূজা-অৰ্চনা, আৰাধনা কৰিবলৈ আজি পুৱতি নিশাৰে পৰা সমগ্ৰ ৰাজ্যত প্ৰৱল উত্সাহ-উদ্দীপনা।

আজিৰ দিনটোত হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ উত্সৱ শাৰদীয় দূৰ্গোৎসৱৰ আৰম্ভণিৰ পূৰ্বে চণ্ডীপাঠৰ মাধ্যমেেৰ দেবী দুৰ্গাক আমন্ত্ৰণ জনোৱা হয়। তাৰ ফলস্ৱৰূপে দেৱী পক্ষৰ আৰম্ভনি হয়। প্ৰতিটো ক্ষণৰ গণনা দুৰ্গা পূজাৰ পৰা আৰম্ভ হয়। হিন্দু ধৰ্ম অনুসৰি, মহালয়াত স্বয়ং দেৱী-দেৱতা পূজাৰ বাবে জাগ্ৰত হয়।

মহালয়াৰ পিতৃ তৰ্পন

উল্লেখ্য যে জ্যোতিষীয়ে জনোৱা মতে মহালয়াৰ সময় নিশা ২ বাজি ৩৮মিনিটৰ পৰা আজি নিশা ১২বাজি ১মিনিট ২১ছেকেণ্ডলৈ আছে। এইবাৰ দেৱী দুৰ্গাৰ ঘোঁৰাত উঠি মৰ্তলৈ আগমণ আৰু ঘোঁৰাতে মৰ্ত্যৰ পৰা গমন কৰিব।

পিতৃ পক্ষৰ অন্তত দেৱী পক্ষৰ আৰম্ভনিৰ ক্ষণত পূৰ্বপুৰুষক পিণ্ড তৰ্পণ দিবলৈও দেশৰ অন্য প্ৰান্তৰ লগতে অসমৰো বিভিন্ন ঠাইৰ ঘাটত অসংখ্য লোকৰ সমাগম ঘটে।

ইফালে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁৱৰ ঐতিহ্যমণ্ডিত সোণাইপাৰ গৌৰিনাথ মন্দিৰতো শতাধিক ৰাইজে একেলগে ভাগ ললে মহালয়া উৎসৱত।

Photo credit: thewall.in