22 C
Guwahati
Friday, December 3, 2021
More

    বেদখলকাৰীক উচ্ছেদৰ দাবীৰে ছিপাঝাৰত গণস্বাক্ষৰ অভিযান আৰম্ভ

    ছিপাঝাৰত বেদখলকাৰীক উচ্ছেদৰ দাবীত গণস্বাক্ষৰ অভিযান আৰম্ভ হৈছে৷

    ছিপাঝাৰৰ চৰাঞ্চলৰ সমগ্ৰ বেদখলীকৃত ভূমিসমূহ উচ্ছেদ কৰি থলুৱা লোকৰ নিয়োগ সৃষ্টিৰ দাবীৰে দুই লাখ লোকৰ স্বক্ষৰ সম্বলিত স্মাৰকপত্ৰ প্ৰদান কৰা হ’ব দেশৰ ৰাষ্ট্ৰপতি আৰু প্ৰধান মন্ত্ৰীক৷

    ছিপাঝাৰ বাছষ্টেণ্ডত বেদখলকাৰীক উচ্ছেদৰ দাবীৰে এইদৰে গণস্বাক্ষৰ অভিযান আৰম্ভ কৰা হৈছে।

    সংগ্ৰামী সতীৰ্থ সন্মিলন আৰু দক্ষিণ-পশ্চিম মঙলদৈ গোৱাল সন্থাৰ নেতৃত্বত এই গণস্বাক্ষৰ অভিযান আৰম্ভ কৰা হৈছে।

    কুৰুৱাৰ পৰা ধলপুৰলৈ ৭৭,৪২০ বিঘা পি জি আৰ ভূমি সম্পূৰ্ণ বেদখলমুক্ত কৰি গো চৰণীয়া পথাৰ হিচাপে সংৰক্ষণ কৰা আৰু গৰু-মহ পালকৰ সুবিধা কৰি দূগ্ধ উৎপাদন প্ৰকল্প স্থাপন কৰিবলৈ দাবী জনায় এই স্মাৰক পত্ৰ প্ৰদান কৰা হ’ব।

    ইনপুট- কিশোৰ কলিতা

    আৰু পঢ়ক : তিনিখন কৃষি আইন বাতিলৰ ঘোষণা কৰিলেও ২৯ নৱেম্বৰত সংসদ অভিমুখে যাব ট্ৰেক্টৰ ৰেলী

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং