33 C
Guwahati
Monday, September 19, 2022
More

    ৰাজহুৱা ছুটী মৌলিক অধিকাৰ নহয়, ইয়াক হ্ৰাস কৰাৰ সময় আহি পৰিছে : উচ্চ ন্যায়ালয়

    ৰাজহুৱা ছুটী মৌলিক অধিকাৰ নহয়, ইয়াক হ্ৰাস কৰাৰ সময় আহি পৰিছে : উচ্চ ন্যায়ালয়

    সাৰ্বজনীন ছুটী কোনো আইনগতভাৱে বলবৎযোগ্য মৌলিক অধিকাৰ নহয় আৰু এটা নিৰ্দিষ্ট দিনক চৰকাৰী ছুটী অথবা অতিৰিক্ত ছুটী হিচাপে ঘোষণা কৰা অথবা নকৰাটো চৰকাৰৰ নিজৰ নীতিৰ ভিতৰত পৰে বুলি আজি মন্তব্য কৰে বোম্বাই উচ্চ ন্যায়ালয়ে।

    বোম্বাই উচ্চ ন্যায়ালয়ে বৰ্তমান সময়ত দেশত বহু পৰিমাণৰ ৰাজহুৱা বন্ধ দিয়া হৈছে বুলি উল্লেখ কৰাৰ লগতে বৰ্তমান সময়ত ৰাজহুৱা বন্ধৰ পৰিমাণ হ্ৰাস কৰাহে প্ৰয়োজন হৈছে বুলি কয়।

    লগতে বোম্বে উচ্চ ন্যায়ালয়ে বৰ্তমান সময়ত কোনো কাৰণতে ৰাজহুৱা বন্ধৰ পৰিমাণ বৃদ্ধি কৰা উচিত নহয় বুলিও সদৰী কৰে।

    উল্লেখযোগ্য যে, ৰাজহুৱা ছুটী বৃদ্ধি কৰা নকৰা সন্দৰ্ভত বোম্বে উচ্চ ন্যায়ালয়ত দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থ জড়িত আবেদনৰ শুনানিত বোম্বে উচ্চ ন্যায়ালয়ে ৰাজহুৱা ছুটী সন্দৰ্ভত এইদৰে নিজৰ মন্তব্য দাঙি কৰে।

    অৱশ্যে, চৰকাৰী আৰু ৰাজহুৱা বন্ধৰ সিদ্ধান্তৰ ক্ষেত্ৰত ন্যায়ালয়ে সদায় চৰকাৰক সিদ্ধান্ত লোৱা সন্দৰ্ভত অগ্ৰাধিকাৰ দিয়ে।

    আৰু পঢ়ক : হঠাৎ মহানগৰীৰ মাজ মজিয়াত বিধ্বংসী অগ্নিকাণ্ড, ১ কোটি ১০ লাখ টকাৰ সামগ্ৰী ভষ্মীভূত

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং