হঠাৎ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এটা ভিডিঅ’ই চৌদিশে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। নিজৰ বিয়া, পত্নী ইত্যাদিক লৈ চিন্তিত হৈছিল এটা শিশু। শিশুৰ কণ্ঠ হোৱাৰ বাবে শুনিবলৈ শুৱলা হোৱাত বহু লোকে সেই ভিডিঅ’টো দেখি হাঁহিছিল। কিছু লোকে শ্বেয়াৰ কৰিছিল। লিখিছিল শিশুটোৰ কথা। কিন্তু আচলতে সেই ভিডিঅ’টো দেখি তাক সাধাৰণ দৃষ্টিৰে চোৱাৰ সলনি বিভিন্ন লোকে মনোবিজ্ঞানৰ দিশেৰে চাবলৈও আৰম্ভ কৰিছে।
শেহতীয়াকৈ এই প্ৰসংগত মনোৰোগ বিশেষজ্ঞ ডাঃ সংগীতা দত্তই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। শৈশৱ আৰু প্ৰাপ্ত বয়স্কৰ মাজৰ সন্ধীক্ষণত শিশুৰ হৰমনৰ পৰিবৰ্তন ঘটে বুলি জানিবলৈ দিয়ে চিকিৎসকগৰাকীয়ে। তেওঁ কয়, ”এই সময়ত কিশোৰ-কিশোৰীৰ দেহত হৰমন বাঢ়ে। হৰমন বাঢ়ি অহাৰ বাবে কিশোৰ-কিশোৰীৰ আকৰ্ষণ বাঢ়ি আহে। যাক ‘infatuation’ বুলি কয়। কেতিয়াবা তাকে প্ৰেম বুলি আমি ভুল কৰো।”
লকডাউনৰ সময়ত শিশুৰ মানসিক বিকাশ হোৱা নাই বুলিও কয় চিকিৎসকগৰাকীয়ে। এনেক্ষেত্ৰত শিশুৰ মানসিক বিকাশৰ বাবে শিশুৱে যি বিচাৰে তাকে কৰিবলৈ দিব লাগে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ডাঃ দত্তই। শাৰীৰিক ব্যায়াম, মানসিক ব্যায়াম, পুষ্টিকৰ খাদ্য খোৱা, মাক–দেউতাকৰ সৈতে সময় কটোৱা আদিৰ ক্ষেত্ৰতো গুৰুত্ব দিয়াৰ কথা কয় তেওঁ।
চিকিৎসকগৰাকীয়ে শিশুৰ বিকাশৰ ক্ষেত্ৰত চকু দিয়াৰ বাবে সকলো লোককে আহ্বান জনায়। অৱশ্যে একাংশ লোকে এই প্ৰসংগটো গভিৰতালৈ ঠেলি দিয়াৰ সলনি শিশুটোক নিজৰ মতে থাকিবলৈকে দিয়ক বুলিও কোৱা দেখিবলৈ পোৱা গৈছে।