26.8 C
Guwahati
Tuesday, July 27, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    পৱিত্ৰ ঈদৰ দিনাই লাফিকুল হত্যাৰ ন্যায় বিচাৰি ৰাজপথত উত্তাল প্ৰতিবাদ এ বি এমছুৰ

    আজি পৱিত্ৰ ঈদ, এই পৱিত্ৰ দিনটোৱেই ৰাজপথলৈ ওলাই আহি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে এ বি এমছৱে । উল্লেখ্য যে ২০১৭ চনৰ  ১ আগষ্টত কোকৰাঝাৰ চহৰত দিন দুপৰতে এ বি এমছুৰ সভাপতি লাফিকুল ইছলাম আহমেদক আছিনাক্ত দুৰ্বৃত্তই হত্যা কৰিছিল।এই হত্যা কাণ্ডৰ ইমান দিন পিছতো ন্যায় নাপালে লাফিকূলে । সেয়ে আজি পৱিত্ৰ ঈদৰ দিনাই সমগ্ৰ বি টি চি অঞ্চলৰ প্ৰতিখন সংখ্যালঘু গাঁওত লাফিকূল হত্যাকাণ্ডৰ ন্যায় বিচাৰি এ বি এমছুই প্ৰতিবাদ সাব্যস্ত কৰে । বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ দ্বাৰকূচিত এ বি এমছুৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক টাইচন হুছেইনৰ নেতৃত্বত  প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় । প্ৰায় ২ শতাধিক প্ৰতিবাদকাৰীয়ে অংশ গ্ৰহন কৰে এই প্ৰতিবাদী কাৰ্যসূচীত । হাতে হাতে প্লে’ কাৰ্ড লৈ লাফিকুল ইছলাম হত্যাৰ বিচাৰ কৰক, হাগ্ৰামা মহিলাৰী মূর্দাবাদ, সৰ্বানন্দ সোনোৱাল মূর্দাবাদ, চি বি আইৰ তদন্ত ৰাজহুৱা কৰক, লাফিকুল ইছলামৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰক, বি জে পি চৰকাৰ গ’ বেক, এ বি এমছু জিন্দাবাদ আদি শ্লোগানেৰে প্ৰতিবাদী কাৰ্যসূচী উত্তাল কৰি তোলে।

    অন্যহাতে অহা ৬ আগষ্টত লফিকূল হত্যাকাণ্ডৰ ন্যায় বিচাৰি বি টি চিত মানৱ শৃংখলৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হব বুলি এ বি এমছুৰ সাধাৰণ সম্পাদক টাইছন হুছেইনে ঘোষনা কৰে ।

    photo credit : @abhijittalukdar

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং