শিলাদিত্যক গ্ৰেপ্তাৰৰ দাবী জনীয়াবাসীৰ, প্ৰতিকৃতি দাহ প্ৰতিবাদকাৰীৰ

শিলাদিত্য দেৱৰ প্ৰতিকৃতি দাহ কৰি শিলাদিত্য এজন বাংলাদেশী আৰু বাংলাদেশীৰ এজেণ্ট বুলি মন্তব্য কৰে প্ৰতিবাদকাৰীয়ে

0
480

জনীয়াবাসীক অপমান কৰাক লৈ শিলাদিত্যৰ বিৰুদ্ধে জনিয়াত ব্যাপক প্ৰতিবাদ৷ বিধায়ক শিলাদিত্য দেৱক গ্ৰেপ্তাৰ দাবী জনীয়াবাসীৰ। কলগাছিয়াতো শিলাদিত্যৰ প্ৰতিকৃতি দাহ কৰে প্ৰতিবাদকাৰীয়ে।

উল্লেখ্য যে, ৰাজ্যৰ চাৰিটা সমষ্টিৰ উপ-নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিছত জনীয়া সমষ্টিত বিজেপি প্ৰাৰ্থী পৰাজিত হোৱাত জনীয়া সমষ্টিবাসী অসমীয়া নহয় কাৰণে বিজেপি প্ৰাৰ্থীক ভোট দিয়া নাই বুলি মন্তব্য কৰিছিল হোজাইৰ বিতৰ্কিত বিধায়ক শিলাদিত্য দেৱে।

এই মন্তব্যৰ পিছত জাঙুৰ খাই উঠে জনীয়াবাসী৷ বিধায়ক শিলাদিত্যৰ বিৰুদ্ধে সৰৱ কলগাছিয়া নৱজ্যোতি ছাত্ৰ লগতে সচেতন যুৱ সমাজ আৰু সচেতন ৰাইজ। শিলাদিত্য দেৱৰ প্ৰতিকৃতি দাহ কৰি শিলাদিত্য এজন বাংলাদেশী আৰু বাংলাদেশীৰ এজেণ্ট বুলি মন্তব্য কৰে প্ৰতিবাদকাৰীয়ে।

শিলাদিত্যই প্ৰদান কৰি অহা সাম্প্ৰদায়িক মন্তব্যই ৰাজ্যৰ পৰিৱেশ অস্থিৰ কৰি ৰাখে বাবে শিলাদিত্যক অতি শীগ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনাই প্ৰতিবাদকাৰীসকলে। আগন্তুক দিনত জনীয়া সন্দৰ্ভত শিলাদিত্যৰ দৰে এটা বাংলাদেশীয়ে জনিয়াবাসীক লৈ কটু মন্তব্য নকৰিবলৈ সকিয়াই দিয়ে প্ৰতিবাদকাৰীসকলে।