চিত্ৰশিল্পী নীলিম মহন্তৰ গ্ৰেপ্তাৰৰ বিৰোধিতাৰে অৰুণাচলৰ প্ৰৱেশ দ্বাৰত প্ৰতিবাদ, মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ

0
77
চিত্ৰশিল্পী নীলিম মহন্তৰ গ্ৰেপ্তাৰৰ বিৰোধিতাৰে অৰুণাচলৰ প্ৰৱেশ দ্বাৰত প্ৰতিবাদ

চিত্ৰশিল্পী নীলিম মহন্তৰ গ্ৰেপ্তাৰৰ বিৰোধিতাৰে অৰুণাচলৰ প্ৰৱেশ দ্বাৰত প্ৰতিবাদ, মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ।

চিত্ৰশিল্পী নীলিম মহন্তৰ গ্ৰেপ্তাৰৰ বিৰোধিতাৰে অৰুণাচলৰ প্ৰৱেশৰ দ্বাৰতে ব্যাপক প্ৰতিবাদ অসমৰ। লগতে পাহাৰীয়া ৰাজ্যখনৰ মুখ্যমন্ত্ৰী প্ৰেমাখাণ্ডুৰ পুত্তলিকা দাহ কৰে কৃষক মুক্তি-ছাত্ৰৰ।

লখিমপুৰৰ অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৰ বান্দৰদেৱাত কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ।

চিত্ৰশিল্পী নীলিম মহন্তক অতি শ্ৰীঘ্ৰে মুক্তিৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী। অৰুণাচলৰ মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডুৰ প্ৰতিমূৰ্তি দাহ প্ৰতিবাদকাৰীৰ।

শিল্পী নীলিম মহন্তক শীঘ্ৰে বিনা চৰ্তে মুক্তিৰ দাবী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ।

উল্লেখযোগ্য যে, দুদিন পূৰ্বে লখিমপুৰ আৰক্ষীৰ সহযোগত অৰুণাচল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল নীলিম মহন্তক।

অৰুণাচল প্ৰদেশৰ সচিবালয়ৰ দেৱালত NO MORE DAM বুলি লিখাৰ বাবেই ইটানগৰ থানাত ৰুজু কৰিছিল গোচৰ আৰু সেই গোচৰৰ বাবেই গ্ৰেপ্তাৰ কৰিছিল নীলিমক।

অৰুণাচলৰ ঐতিহ্য আৰু গৰিমাত আঘাত হনাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল নীলিম মহন্তক।

এতিয়া দুদিনৰ আৰক্ষীৰ জিম্মাত আছে চিত্ৰশিল্পী গৰাকী। অতি শীঘ্ৰে নীলিম মহন্তক মুকলি কৰি নিদিলে অৰুণাচলৰ প্ৰবেশ দুৱাৰ সমূহ বন্ধ কৰি দিয়াৰ হুংকাৰ প্ৰতিবাদকাৰী সকলৰ।

Input and Photo – Hassinur Alom

আৰু পঢ়ক : ইউ পি এছ চি টপাৰ টিনা ডাবীৰ দ্বিতীয় বিবাহ, নিজতকৈ ১৩ বছৰে ডাঙৰ জীৱনসংগী