ONGC ৰ বিৰূদ্ধে প্ৰতিবাদ! আলফা(স্বা)য়ে অপহৰণ কৰা ৰিতুল শইকীয়াৰ সন্ধান নাপাই মাতৃয়ে কৰিছে অনশন

0
268
ONGC ৰ বিৰূদ্ধে প্ৰতিবাদ! আলফা(স্বা)য়ে অপহৰণ কৰা ৰিতুল শইকীয়াৰ সন্ধান নাপাই মাতৃয়ে কৰিছে অনশন

ONGC ৰ বিৰূদ্ধে প্ৰতিবাদ! আলফা(স্বা)য়ে অপহৰণ কৰা ৰিতুল শইকীয়াৰ সন্ধান নাপাই মাতৃয়ে কৰিছে অনশন

তিতাবৰত ONGC ৰ বিৰূদ্ধে পথ অৱৰোধ কৰে একাংশই । এই পথ অৱৰোধত তিতাবৰৰ কেইবাটাও জাতীয়-জনগোষ্ঠীয় দল সংগঠনৰ অংশ গ্ৰহণ কৰে। বন্ধ কৰি দিয়া হৈছে গড়াজান-GGS সংযোগী পথ।

প্ৰতিবাদকাৰী সকলৰ দাবী যে, লাকুৱা ONGC ৰিগৰ পৰা অপহৃত ৰিতুল শইকীয়া সন্ধান নোলোৱাৰ পৰ্যন্ত অব্যাহত থাকিব প্ৰতিবাদ। তিতাবৰ বৰহোলা ONGC ৰ GGS লৈ যোৱা পথ সমূহ বন্ধ কৰি দিছে দল – সংগঠন সমূহে।

পুৱা ৬ বজাৰ পৰা অব্যাহত আছে এই প্ৰতিবাদ। পুত্ৰক কাষত নোপোৱাৰ বেদনাত মাতৃয়ে কৰিছে অনশন। অপহৃত ৰিতুল শইকীয়া মাতৃয়ে আৰম্ভ কৰিছে অনশন। পুত্ৰৰ সন্ধান নোপোৱাৰ পৰ্যন্ত মাতৃ মঞ্জু শইকীয়াই অব্যাহত ৰাখিব অনশন।

Photo and input: SAJID HUSSAIN

আৰু পঢ়ক : দৰঙৰ ছিপাঝাৰ বন্ধন বেংকত ভয়ংকৰ অগ্নিকাণ্ড