24 C
Guwahati
Friday, December 3, 2021
More

    ফাঁচীবজাৰৰ এটা পথৰ নাম সলনি হবলৈ গৈ আছে মহাৰাজ অগ্ৰসেনৰ নামেৰে, বিবাদৰ সৃষ্টি…

    তাতকৈ শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাৰ লগতে অন্য অসমৰ সমাজ জীৱনৰ লগত সম্পৰ্ক থকা লোকৰ নামেৰে চ’কটোৰ নামকৰণ কৰাৰ প্ৰস্তাৱ

    গুৱাহাটী মহানগৰীৰ ফাঁচীবজাৰৰ এটা পথৰ নাম সলনি হবলৈ গৈ আছে মহাৰাজ অগ্ৰসেনৰ নামেৰে, যাৰ ফলত সকলোতে বিবাদৰ সৃষ্টি হৈছে। ফাঁচীবজাৰৰ জেইলৰোড আৰু কামৰূপ চেম্বাৰ ৰোডৰ সংযোগীস্থল ফাঁচীবজাৰ তিনিআলিৰ নতুন নামৰ যো-জা গুৱাহাটী পৌৰ নিগমৰ।

    গুৱাহাটীৰ আগৰৱালা সভাৰ অনুৰোধ মৰ্মে গুৱাহাটী পৌৰ নিগমে ফাঁচীবজাৰ তিনিআলিৰ নাম মহাৰজা অগ্ৰসেনৰ নামেৰে “মহাৰাজা অগ্ৰসেন চ’ক” নামকৰণ কৰাৰ প্ৰস্তাৱ ইতিমধ্যে লৈছে।

    ইয়াক লৈ ইতিমধ্যে বাতৰি কাকতত এক বিজ্ঞপ্তি তথা জাননী যোগে জাৰি কৰিছে গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱাশীষ শৰ্মাই।

    কিন্তু ইয়াৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সকলোৱে কৈছে , অসমৰ লগত কোনো নাম-সম্পৰ্ক নথকা এটা নামেৰে অসমৰ বজাৰৰ কেন্দ্ৰস্থলীস্বৰূপ গুৱাহাটীৰ ফাঁচীবজাৰ নাম সলনি কিয়, তাকো ইয়াত নাম সলনিৰ প্ৰয়োজনীয়তা ক’ত।

    যদিহে নাম সলনিয়ে কৰিব বিচাৰে তেন্তে অসমৰ স্বনামধন্য থকা শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ নামেৰে সলনি হওক। নতুবা অসমৰ সমাজ জীৱনৰ লগত সম্পৰ্ক থকা কোনো অন্য লোকৰ নামেৰে সলনি হওক ফাঁচী বজাৰৰ নাম। কিন্তু অসমৰ মানুহে চিনি নপোৱা, অসমৰ সৈতে নাম জড়িত নথকা এগৰাকীৰ নামেৰে পথৰ নাম সলনি হোৱাক লৈ ব্যাপক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সচেতন মহলে।

    উল্লেখ্য যে, মহাৰাজ অগ্ৰসেন এখন ব্যৱসায়িক চহৰ অগ্ৰোহাৰ ৰজা আছিল। তেওঁক বণিয়া সম্ৰাট বুলিও জনা গৈছিল।

    আৰু পঢ়ক : এ আৰ ৰহমানৰ কন্যাৰ কণ্ঠ শুনিছেনে…পিতৃয়ে শ্বেয়াৰ কৰিলে কন্যাৰ এক অনুষ্ঠানৰ সংগীত পৰিৱেশন কৰা ভিডিঅ, যি সকলোতে ভাইৰেল

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং