নিৰ্বাচনৰ পূৰ্বেই BTR ৰ অপ্ৰাদেশিকৃত বিদ্যালয়-মহাবিদ্যালয় প্ৰাদেশিকীকৰণ কৰা হ’ব-প্ৰমোদ বড়ো

0
150
নিৰ্বাচনৰ পূৰ্বেই BTR ৰ অপ্ৰাদেশিকৃত বিদ্যালয় মহাবিদ্যালয় প্ৰাদেশিকীকৰণ কৰা হ'ব-প্ৰমোদ বড়ো

নিৰ্বাচনৰ পূৰ্বেই BTR ৰ অপ্ৰাদেশিকৃত বিদ্যালয়-মহাবিদ্যালয় প্ৰাদেশিকীকৰণ কৰা হ’ব-প্ৰমোদ বড়ো

গোসাইগাঁও মহকুমাৰ অসম-বংগ সীমান্তস্থিত বি টি আৰ শিক্ষা বিভাগৰ উদ্যোগত জাৰাগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আজি ছাত্ৰ ছাত্ৰী সকলৰ কৰ্মজীৱনক লৈ এটা সভা অনুষ্ঠিত হয়।

উক্ত সভাত বি টি আৰৰ মূখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো উপস্থিত থাকি কয় যে ”বিটিআৰৰ ৬.৩ আৰটিকেলৰ ভিত্তিত বিটিআৰত প্ৰাদেশিকীকৰণৰ পৰা বাদ পৰা বিদ্যালয় মহাবিদ্যালয় সমূহ বিধানসভা নিৰ্বাচনৰ পূৰ্বে নীতি নিয়মৰ মাজেৰে প্ৰাদেশিকীকৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব”।

ছাত্ৰ-ছাত্ৰী সকলৰ লগত বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ মত বিনিময় আৰু ছাত্ৰ ছাত্ৰীসকলৰ ভবিষ্যত কৰ্মপন্থাৰ বিটিআৰ চৰকাৰৰ ফালৰ পৰা কৰ্মশালা ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আজিৰ গুৰুত্বপূৰ্ণ সভাখনত কোকৰাঝাৰ জিলা শিক্ষা বিষয়া জয়পাল সিঙ ব্ৰহ্ম,গোসাইগাঁও শিক্ষা খণ্ডৰ বিষয়া অমৰ সিঙ ব্ৰহ্মৰ উপৰি বহুতো বিশিষ্ট শিক্ষাবিদ উপস্থিত থাকি ছাত্ৰ ছাত্ৰী সকলৰ জীৱনত কৰ্ম পৰিকল্পনা কেনেদৰে ল’ব লাগে বা কি পদ্ধতিৰে আগবাঢ়ি গ’লে ভবিষ্যত জীৱনত সফল হ’ব পাৰিব সেই বিষয়ে বক্তা সকলে বিতংকৈ আলোকপাত কৰি ছাত্ৰ-ছাত্ৰী সকলৰ প্ৰতি ভাষন আগবঢ়ায়।

আৰু পঢ়ক : ইফালে মোদীৰ প্ৰশংসাত ব্যস্ত মন্ত্ৰী-আমোলা, সিফালে ৰাজপথত জ্বলিল মোদীৰ পুত্তলিকাঃ “ক’লা দিৱস” হিচাপে ঘোষণা