নাতিৰ খবৰ লবলৈ গৈ আৰু উভতি নাহিল কোকৰাঝাৰ বিশিষ্ট শিক্ষক তৰণীকান্ত নাথ

0
99
নাতিৰ খবৰ লবলৈ গৈ আৰু উভতি নাহিল কোকৰাঝাৰ বিশিষ্ট শিক্ষক তৰণীকান্ত নাথ

নাতিৰ খবৰ লবলৈ গৈ আৰু উভতি নাহিল কোকৰাঝাৰ বিশিষ্ট শিক্ষক তৰণীকান্ত নাথ । কোকৰাঝাৰত এক দূৰ্ঘটনাত কৰুণ মৃত্যুক সাৱটে শিক্ষকগৰাকীয়ে ।

কোকৰাঝাৰ জিলাৰ গেন্দ্ৰাবিল নিৱাসী বিশিষ্ট শিক্ষক তৰণীকান্ত নাথ (৬০) এক দূৰ্ঘটনাত পতিত হৈ কৰুণ মৃত্যুক আঁকোৱালি লয়। শিক্ষকজনৰ মৃত্যুত অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পৰাৰ লগতে বিহুৰ সকলোধৰণৰ কাৰ্যসূচী গাঁৱবাসীয়ে বাতিল কৰিছে ।

প্ৰাপ্ত বাতৰি অনুসৰি বৃহস্পতিবাৰৰ সন্ধিয়া ৭:০০ মান বজাত কোকৰাঝাৰ আৰএনবি চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতাৰ পথত বিশিষ্ট শিক্ষক তৰণীকান্ত নাথক তেওঁৰ স্বগৃহৰ কাষতে পিছপিনৰ পৰা ৰয়েল এনফিল্ড বুলেট এখনে খুন্দা মাৰি পলায়ন কৰে ।

কোকৰাঝাৰ আৰএনবি চিকিৎসালয়ত জন্ম লাভ কৰা যমজ নাতিনীক চাই ঘৰলৈ উভতাৰ পথতে উক্ত শোকাৱহ ঘটনাটো সংঘটিত হয় ।বুলেটৰ খুন্দাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বিশিষ্ট শিক্ষক তৰণীকান্ত নাথক প্ৰথমে কোকৰাঝাৰ আৰএনবি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে চিকিৎসকে গুৱাহাটীলৈ ৰেফাৰ কৰে ।

গুৱাহাটীৰ এখন ব্যক্তিগতখণ্ডৰ চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে কালি পুৱতি নিশা শিক্ষকগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে । শিক্ষকগৰাকীৰ নশ্বৰদেহ কালিয়ে সন্ধিয়া ৯:০০ মান বজাত স্বগৃহলৈ নিয়াৰ পিছতে কান্দোনৰ ৰোল উঠে আৰু অজস্ৰ গুণমুগ্ধই মৃতকৰ বাসগৃহত ভিৰ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গক গভীৰ সমবেদনা জ্ঞাপন কৰে ।

উল্লেখ্য যে চলিত জানুৱাৰী মাহতে শিক্ষকগৰাকী অৱসৰ গ্ৰহণ কৰিলেহেতেন । মৃত্যুৰ পূৰ্বে শিক্ষকগৰাকীয়ে পত্নী , দুই পূত্ৰ -বোৱাৰী , সদ্যজন্মপ্ৰাপ্ত নাতিনী আৰু অজস্ৰ গুণমুগ্ধক ইহজগতত এৰি থৈ যায় । আজি শিক্ষকগৰাকীৰ শেষ কৃত্য সম্পন্ন কৰা হব।

আৰু পঢ়ক : সংকটজনক অৱস্থাত প্ৰফুল্ল কুমাৰ মহন্তৰ স্বাস্থ্য, ডাউন-টাউন হাস্পতালৰ ICUত ভৰ্তি